Breaking

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন উপ-সমিতিৰ সহযোগত “সুমথিৰা ৰ’দত কবিতাৰ এদিন” শীৰ্ষক কবি সন্মিলন

0 1,404

মৰিগাঁও, ২৭ নবেম্বৰ : মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ইয়াৰ কবি সন্মিলন উপ-সমিতিৰ সহযোগত আজি সাহিত্য সভাৰ কাৰ্য্যালয়ৰ মুকলি মঞ্চত অনুষ্ঠিত হয় এখনি গাম্ভিৰ্য পূৰ্ন কবি সন্মিলন। বিশিষ্ট কবি তথা কবি সন্মিলন  উপ-সমিতিৰ সভাপতি হৰেন্দ্ৰ বৰাৰ সঞ্চালনাত আনুষ্ঠিত  হোৱা কবি সন্মিলনখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই । উদ্বোধনী ভাষণত বিশিষ্ট সাহিত্যিক গৰাকীয়ে আদি কালৰ পৰা সাম্প্ৰতিক কাল পৰ্যন্ত কবিতাৰ ক্ৰমবিকাশ আৰু উত্তৰণ সম্পৰ্কত বিস্তৃত ভাবে আলোকপাত কৰে। অনুষ্ঠানটিৰ আঁত ধৰে কবি সন্মিলন উপ-সমিতিৰ সম্পাদক নৱ ৰাজনে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই। আনুষ্ঠানটোত কবিতা পাঠ কৰে ক্ৰমে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বুবুমনি গোস্বামী, সম্পাদক পিনাকী ভূষণ মহন্ত, কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ শইকীয়া, কল্পতৰু চৌধুৰী, জ্যোতিষ বৰ্মন, বিৰিঞ্চি কুমাৰ  শৰ্মা, চন্দ্ৰলেখা গোঁহাই লাহন, ধৰ্মেশ্বৰী শইকীয়া, জাৰ্জিনা বেগম হুছেইন, প্ৰাঞ্জল হাজৰিকা, শিশুৰাম শইকীয়া, অমিয় কুমাৰ মহন্ত, বলেন চন্দ্ৰ বৰুৱা, বাবুমনি হীৰা, লুইত অনিৰুদ্ধ, দিলীপ দাস, প্ৰণৱ কুমাৰ ভট্টাচাৰ্য, পৰেশ চন্দ্ৰ চৌধুৰী, কমলেশ্বৰ ডেকা, হেমন্ত কুমাৰ নাথ, মনোজ কুমাৰ নাথ, শিবম কন্দলী, ঋতুৰাজ গোস্বামী, মনীষা শৰ্মা কন্দলী, ফুকুল ভট্ট ডেকা, লোহিত চন্দ্ৰ দাস, সিদ্ধাৰ্থ শংকৰ, লক্ষ্মী প্ৰসাদ শৰ্মা, বুবুল কাকতি, মৃণাল কুমাৰ হাজৰিকা, প্ৰবাল গোস্বামী, দিব্যম শিৱম প্ৰমুখ্যে জিলাৰ বিভিন্ন প্ৰান্তৰ কবিসকলে। অনুষ্ঠানত পঠিত কবিতাৰাজিৰ ওপৰত চমুকৈ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট কবি তথা জাগীৰোড মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ দীপকজ্যোতি বৰুৱাই। জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধ  শতাধিক নবীন আৰু প্ৰবীন কবিৰ অংশগ্ৰহনে অনুষ্ঠান টো জীপাল কৰি তোলে। ইপিনে অনুষ্ঠানৰ আৰম্ভনিতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিত বিশিষ্ট সাহিত্যিক সকলৰ মৃত্যুত শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।

Leave A Reply