Breaking

উত্তৰ -পূৱ গোলাঘাট কবি সন্মিলনৰ উদ্যোগত কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচন

0 2,270

কাকডোঙা নদীৰ বিহখোৱা ঘাটৰ সমীপত প্ৰকৃতিৰ নৈসৰ্গিক পৰিবেশত “উত্তৰ-পূৱ গোলাঘাট কবি সন্মিলনে “আঘোণৰ ৰ’দালিত কবিতাৰ গুণগুণ”শীৰ্ষক কবি মেল আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান ২৪ নৱেম্বৰত সম্পন্ন কৰে। শিশু শিল্পী অন্তৰা ৰাগিনী দত্তই পৰিবেশণ কৰা টোটয় পাঠেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা কবিতাৰ মেল সঞ্চালনা কৰে বিশিষ্ট গল্পকাৰ,কবি ফুলেন কুমাৰ বৰাই।কবি সাদৰী বৰা,গিৰিশ দত্ত,ইন্দু হাতী বৰুৱা,গনেশ কছাৰী, ৰবীন্দ্ৰ দেৱ,অংকুৰ বুঢ়াগোহাঁই, নবীন হাজৰিকা, তফজ্জুল হক বৰবৰা,লক্ষ্মীচৰণ কুৰ্মী,মামণি বৰা,আদিত্য বৰবৰা, বিপুল বৰুৱা, ৰূপালী মহন্ত,চম্পা নেওগ,দীপশিখা বৰুৱা,লক্ষেশ্বৰ গগৈ,দুলুমনি বৰা,জ্যোতিকা ৰাজখোৱা,দিগন্ত বৰা,বিপুল বৰুৱা, অভিজিত শইকীয়া,সংগীতা দত্ত,স্বপ্না শইকীয়া আদি প্ৰায় দুকুৰিৰো অধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।বিউটি কলিতাই সম্পাদনা কৰা কবি সন্মিলনৰ মুখপত্ৰ “শব্দ প্ৰৱাহ” উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক,লেখক ইন্দ্ৰ বৰাই।এই অনুষ্ঠানতে কৃতী শিক্ষয়িত্ৰী বন্দনা দত্ত আৰু দুলুমনি বৰা দত্তক বিশেষ সম্বৰ্ধনা জনোৱা হয়।  উত্তৰ পূব গোলাঘাট কবি সন্মিলনৰ সম্পাদিকা বন্দনা দত্তই আঁত ধৰা অনুষ্ঠানটো কাব্যমন্ত্ৰ পাঠেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়।

Leave A Reply