Breaking

মৰ্মান্তিক ! পাষণ্ড দম্পতিয়ে প্ৰাণ ললে কণমানি কিশোৰীৰ

0 25

এক হৃদ়য় বিদাৰক হত্যা কাণ্ডই ইতিমধ্যে সমগ্ৰ শিৱসাগৰ জিলাতে আলোড়ন সৃষ্টি কৰিছে ।খবৰ অনুসৰি নাজিৰা শিমলুগুৰি নাহৰ আলি খনিকৰ গাওঁৰ বিতুপন ঢেকিয়াল ফুকন আৰু তেওঁৰ সহধৰ্মিনী পৰিস্মিতা দত্তয়ে নিজৰ ঘৰতে কাম কৰা কণমানি কিশোৰীক অতি নিৰ্মম ভাৱে হত্যা কৰে , মাক দেউতাকক পঢ়োৱাম বুলি আনি ঘৰত কাম কৰোৱা ছোৱালী হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱাত কনমানি জনী অমান্তি হোৱাত গাত গৰম পানী ধলাৰ লগতে নিৰ্মম ভাৱে মাৰপিট কৰে ।

যাৰ ফলত যন্ত্ৰনা সহ্য কৰিব নোৱাৰি যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। ইতিমধ্যে পাষণ্ড দম্পতি হালক আৰক্ষী যে আটক কৰিছে আৰু অধিক সোধপোচৰ বাৱে শিমলুগুৰি আৰক্ষী থানালৈ অনা হৈছে, বৰ্তমান লৈকে কণমানি জনিৰ ঘৰৰ ঠিকনা উলিয়াব পৰা নাই I আটচাৰ শিৱসাগৰ জিলা সমিতিৰ এটা দলে শিমলুগুৰি আৰক্ষী চকীত উপস্থিত হয় আৰু সংবাদ মাধ্যমৰ জৰিয়তে দোষীক উচিত শাস্তিৰ দাবী তোলে। বৰ্তমান শিমলুগুৰি আৰক্ষীয়ে পাষণ্ড দম্পত্তিহালৰ ওপৰত ৫৪/২২ নম্বৰত গোচৰ ৰুজু কৰি নিজাববিয়াকৈ তদন্ত অব্যাহত ৰাখিছে ।


নাজিৰাৰ পৰা দিলীপ হাজৰিকা

Leave A Reply