Breaking

ঢেকীয়াজুলিত ১০ কেজি গাঞ্জা সহিতে এজন যুৱকক আটক আৰক্ষীৰ…

0 31

ঢেকীয়াজুলিত ১০ কেজি গাঞ্জা সহিতে এজন যুৱকক আটক আৰক্ষীৰ

ঢেকীয়াজুলি আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰাম্ভ কৰিছে৷ঢেকীয়াজুলি আৰক্ষীয়ে অভিযান চলাই গাঞ্জা সহিতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷উল্লেখ্য যে ২ ফেব্ৰুৱাৰী তাৰিখে অনুমানিক দিনৰ ১০ মান বজাত ঢেকীয়াজুলি আৰক্ষীয়ে ঢেকীয়াজুলি আৰক্ষীথানৰ সন্মুখত এখন বাছত তালাছী চলায়৷

আৰক্ষীয়ে বাছত তালাছী চলাই ১০ কেজি গাঞ্জা সহিতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷এক গোপন খবৰৰ ভিত্তিত ঢেকীয়াজুলি আৰক্ষীথানাৰ আৰক্ষী উপ পৰিদৰ্শক সুৰজিত মান্তাৰ নেতৃত্বত ঢেকীয়াজুলি আৰক্ষীৰ এটা দলে চলাইছিল এই গাঞ্জা বিৰোধী অভিযান৷

গুৱাহাটীৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা বাছ এখনত তালাছী চলাইছিল ঢেকীয়াজুলি আৰক্ষীয়ে৷ আৰক্ষীৰ তালাচীত ১০ কেজি গাঞ্জা সহিতে নন্দলাল মণ্ডল নামৰ ২৭ বছৰীয়া এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ঢেকীয়াজুলি আৰক্ষী

Leave A Reply