Breaking

শিৱসাগৰত কা’ক কেন্দ্ৰ কৰি উদযাপন কৰা কলা দিৱসত আৰক্ষীৰ অত্যাচাৰ-প্ৰতিবাদীক শাৰিৰীক ভাৱে অপদস্ত!

0 61

কা’ আন্দোলন শেষ হ’ল,ৰাইজে কা’ আদৰি ল’লে বুলি ঢোল পিটি থকা চৰকাৰৰ স্বৰূপ উদঙাই দিলে আজি সদৌ অসম ছাত্ৰ সন্থাই।শিৱসাগৰত কা’ৰ বিৰোধ কৰা এমুঠি ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত জপিয়াই পৰিল আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনী।

কলা দিৱস পালন কৰা ছাত্র সন্থাৰ এমুঠি সদস্যক শাৰিৰীক ভাৱে অপদস্ত কৰে আৰক্ষী-অৰ্দ্ধ সামৰিক বিহিনীয়ে।

২০১৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলপূৰ্বক ভাৱে জাপি দিছিল।

সেয়েহে সদৌ অসম ছাত্ৰ সন্থাই এই দিনটোক “কলা দিৱস”ৰূপে পালন কৰি অহা হৈছে।সেয়েহে আজি শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত শিৱসাগৰ জিলা,আঞ্চলিক আৰু মহকুমা ছাত্ৰ সন্থাই পালন কৰা শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীক আৰক্ষীয়ে বাধা দিবলৈ গৈ এক অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকনকে ধৰি বহু কেইজন ছাত্ৰ নেতাক ঠেলি-গতিয়াই,পতাকা কাঢ়ি অত্যাচাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ এনে অত্যাচাৰে প্ৰমাণ কৰিলে যে এতিয়াও কা’ক লৈ চৰকাৰৰ ভয় আছে।এতিয়াও চৰকাৰে কা’ক কেন্দ্ৰ কৰি ৰাইজ জাগ্ৰত হোৱাৰ ভয়ত কম্পমান হৈ আছে।

Leave A Reply