Breaking

দুলীয়াজান-ডিগবৈত ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: বিলাসী বাহন,নগদ ধনসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ-গাঞ্জা জব্দ মহিলাসহ পাঁচগৰাকীক ৰঙাঘৰলৈ

0 2,089

 দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হি’ৰইন আৰু গাঞ্জা জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ পাঁচ জনক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত খবৰ অনুসৰি দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি দত্ত আৰু উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা এটি আৰক্ষীদলে এক গোপন সূত্ৰৰ পম খেদি দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আবাসিক অঞ্চলৰ এ টাইপ ৮৫৮ নম্বৰ আবাসগৃহৰ ৰাজেন বাল্মীকিৰ পুত্ৰ চাহিল বাল্মীকি(২৩)ক আটক কৰে । ধৃত চাহিলৰ কৱলৰ পৰা আৰক্ষীয়ে হি’ৰইনৰ লগতে এম এল ১০ বি ৮১০৪ নম্বৰৰ এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় । পিচত ধৃত চাহিলে আৰক্ষীক জেৰাত দিয়া স্বীকাৰোক্তি অনুসৰি দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ গজালবস্তি অঞ্চলৰ নাগেশ্বৰ গড়ৰ পুত্ৰ বিজু গড়(২৪)ক আটক কৰিবলৈ সক্ষম হয় । ইফালে মংগলবাৰে দুলীয়াজান আৰক্ষীৰ অভিযানকাৰী দলটোৱে তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষীৰ সহযোগত ডিগবৈ চহৰৰ মাজমজিয়াৰ চাৰিআলি অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ হি’ৰইন আৰু গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । লগতে অভিযানকাৰী দলটোৱে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত ডিগবৈ চাৰিআলিৰ প্ৰয়াত ইনুজ আলিৰ পত্নী চাইৰা বেগম(৫০), উক্ত অঞ্চলৰে পুচকি আলি(১৯) আৰু ডিগবৈ ইটাভাটা অঞ্চলৰ হৰেশ্বৰ বৰাৰ পুত্ৰ শান্তনু বৰা(২৪)ক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । দীৰ্ঘদিনৰ পৰা ধৃত চাইৰা বেগম নামৰ মহিলাগৰাকীয়ে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । আৰক্ষীয়ে ঘটনা সৰ্ন্দভত দুলীয়াজান আৰক্ষী থানাত ২৬২/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিত দুলীয়াজানৰ চাহিল বাল্মীকি আৰু বিজু গড়ক কালি ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে । তদুপৰি দুলীয়াজান আৰক্ষীয়ে ধৃত চাইৰা বেগম, পুচকি আলি আৰু শান্তনু বৰাক উক্ত গোচৰৰ ভিত্তিত আজি ডিব্ৰুগড়স্থিত কাৰাগাৰলৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ধৃত দলটোৰ কৱলৰ পৰা ১৪.৪৬ গ্ৰাম হি’ৰইন,২৫.১২ কিলোগ্ৰাম গাঞ্জা,এম এল ১০ বি ৮১০৪ নম্বৰৰ এখন বিলাসী গাড়ী, চাৰিটা ম’বাইল, নগদ ১ লাখ ৮৮ হেজাৰ টকা, কেইবাটাও বটল, ড্ৰাগছ সেৱন কৰা সময়ত প্ৰয়োজনীয় কেতবোৰ আপত্তিজনক সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা সামগ্ৰী সমূহৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিছে ।

Leave A Reply