Breaking

মাৰ্ঘেৰিটাত বন্দুকেৰে খুচি যুৱকৰ পেট ফালিলে আৰক্ষীয়ে

0 91

মাৰ্ঘেৰিটা

দেশত তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ সমান্তৰালকৈ সোমবাৰৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ঘোষণা কৰা হয় সান্ধ্য আইন৷ সান্ধ্য আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যজুৰি দেখা গ’ল অসম আৰক্ষীৰ ব্যাপক তৎপৰতা৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত যেন প্ৰয়োজনতকৈ অধিক কঠোৰ হ’ল আৰক্ষী৷ সন্ধিয়া ৬ বজাৰ লগে লগে নগৰখনৰ চেগুনবাৰী, ভেনাৰমিল বজাৰ চাৰিআলি বজাৰ সকলোতে হিংসুক ৰূপত জপিয়াই পৰিল মাৰ্ঘেৰিটা আৰক্ষী৷ হাতে হাতে লাঠি, বন্দুক লৈ এফালৰ পৰা যাকে পাই তাকে আৰম্ভ কৰিলে প্ৰহাৰ৷ সন্ধিয়া প্ৰায় ৬ বাজি ৩০ মিনিটত দিহিং বজাৰৰ সমীপত মাৰ্ঘেৰিটা আৰক্ষীৰ এটা তদলদাৰী দলে শম্ভূ চাহ নামৰ ৩২ বছৰীয়া এজন দৰিদ্ৰ যুৱকক প্ৰচণ্ডভাৱে প্ৰহাৰ কৰি আহত কৰে৷ শম্ভু চাহে জানিবলৈ দিয়া মতে, সন্ধিয়া তেও জপনা বন্ধ কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ ভ্ৰাম্যমান দলটোৱে তেওঁক পিটিবলৈ আৰম্ভ কৰে৷ অৰ্তকিতে নিজ চৌহদৰ ভিতৰত আৰক্ষীয়ে তেওঁক এইদৰে আক্ৰমণ কৰাত থৰকাচুতি হেৰুৱাই ঘৰৰ পিছফালে দৌৰ মাৰে৷ কিন্তু উন্মাদ আৰক্ষীৰ দলটোৱে সিমানতে ক্ষান্ত নাথাকি ঘৰৰ চোতালতে তেওঁক খেদি খেদি প্ৰহাৰ কৰে৷ আৰক্ষীৰ দলটোৱে যুৱকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি বন্দুকৰ নালেৰে খুচি পেট ফালি দিয়ে৷ আনহাতে আৰক্ষীৰ আক্ৰমণৰ পৰা নিজৰ স্বামীক এৰুৱাবলৈ বুলি অহা শম্ভুৰ পৰিবাৰকো আৰক্ষীৰ দলটোৱে গতা মাৰি দিয়ে৷ অৱশেষত মূৰ্মুৰ্ষু অৱস্থাত তেনেকৈয়ে যুৱকজনক পেলাই থৈ আৰক্ষীৰ দলটো উভতি যায়৷ আৰক্ষীয়ে  যুৱকজনক এইদৰে আক্ৰমণ কৰি পেলাই থৈ যোৱাৰ পিছতে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে যুৱকজনক উদ্ধাৰ কৰি দিহিং চাহ বাগিচাৰ চিকিৎসালয়লৈ লৈ যায়৷ যুৱকজনৰ অৱস্থা সংকটজনক দেখি বাগিচা চিকিৎসালয়ে লগে লগে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিশা ১১.৩০ বজাত ঘৰলৈ পঠিয়াই দিয়ে৷ ইফালে মঙলবাৰে পুৱা যুৱকজনৰ ঘৰত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী উপস্থিত হৈ চিকিৎসাৰ বাবে ৪ হেজাৰ টকা প্ৰদান কৰাৰ কথা যুৱকজনে জানিবলৈ দিছে৷ সম্প্ৰতি উপযুক্ত চিকিৎসাৰ অভাৱত বিচনাতে চটফটাই থাকিবলগা হৈছে ভুক্তভুগী যুৱজনে৷ আৰক্ষীৰ এনে সন্ত্ৰাসে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ আৰক্ষীৰ এনে কৰ্মকাণ্ডক একেমুখে ধিক্কাৰ দিছে ৰাইজে৷ ন্যায় বিচাৰি ভুক্তভূগী যুৱকজন সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাৰ শৰণাপন্ন হৈছে৷

Leave A Reply