Breaking

ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰত আহত দূধৰ্ষ অপৰাধী

0 2,026

৮ছেপ্তেম্বৰত নিশা দূধৰ্ষ অপৰাধী দাওহাৰো বড়োৰ ভৰিত গুলিত আহত হৈ সিকিৎসাধীন হবলগীয়া হয়। আৰক্ষী সূত্ৰে প্ৰকাশ যে, আটকাধীন বড়ো আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই  এনকাউণ্টাৰত আহত হয়। ওদালগুৰিৰ লগতে বাক্সা জিলাৰ কেইৱাখনো থানাত বড়োৰ বিৰুদ্ধে চলি আছিল আঠটাকৈ গোচৰ।বিশেষকৈ ধনদাবী কাৰ্যত মুৰৰ কামোৰণি হৈ পৰা বড়ো বিভিন্ন সংগঠনৰ নামত ধনদাবী কৰিছিল ।বড়োক কালি কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল ।নিশা বড়োৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰ বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।অস্ত্ৰ দেখুৱাবলৈ গৈ খৃষ্টানপাৰা অঞ্চলত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলি চলাই আহত কৰে।ফলত  আৰক্ষীৰ দুটাকৈ গুলিয়ে ভৰিত আঘাত কৰে বড়োৰ।ওদালগুৰি অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুমণি হাজৰিকাৰ নেতৃত্বত চলিচিল অভিযানৰ এই এনকাউণ্টাৰ।অৱশ্যে বড়োৰ পৰা কোনো অস্ত্ৰ উদ্ধা কৰিব পৰা নগল।আহত বড়োক প্ৰথমে ওদালগুৰি অসামৰিক চিকিৎসালয়ত কৰাৰ প্ৰাথমিক চিকিৎসাৰ অন্তত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে  ৷

Leave A Reply