Breaking

আমগুৰিত আৰক্ষী-আবকাৰীৰ অভিযান: চুলাই ঘাটি উচ্ছেদ প্ৰশাসনৰ

0 169

পৰিণত হোৱা শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী আৰু আবকাৰী বিভাগে আজি বহুকেইটা চুলাই ঘাটি কুঠাৰে ভাঙি চুলাই ব্যৱসায় বন্ধ কৰিবলৈ অভিযান চলায় । আমগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া নাৰায়ণ বড়ো আৰু আমগুৰি আবকাৰী বিভাগে লালিম ছিগা, বৰাহীবাৰী, ন-আলি চুক, পুলিবৰ, হাতীমূৰীয়াত অভিযান চলাই ৭০০ লিটাৰ চুলাই, ২০০০ ৰো অধিক চুলাইপাচ, বহুকেইটা চুলাই বনোৱ

জানিব পৰা মতে ন-আলি চুকৰ কচু গগৈ(অভিজিৎ), লালিম ছিগাৰ কণ্ঠী গগৈ(মইনা), লগতে কলিমনৰ চুলাই ভাটীত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাইপাচ নষ্ট কৰিবলৈ সক্ষম হয়। আনহাতে আমগুৰিৰ জেহেনীয়া আৰু দেওঁৰজাত আৰক্ষী-আবকাৰী বিভাগে চুলাই ভাটী ধ্বংস কৰাত হাৰ মানিছে। মাহেকত চাৰিবাৰকৈ চুলাই ভাটি ধ্বংস কৰিলেও চুলাই ব্যৱসায়ীয়ে পূণ্যোদ্যমে চলাই গৈছে চুলাই ব্যৱসায়। দেওঁৰজা কমাৰচুকৰ প্ৰশান্ত, বৰচহকী চুকৰ ৰঞ্জন, বসন্ত, বিতুপনৰ নেতৃত্বত বৃহৎ ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে।

বিশেষ সূত্ৰে জানিব পৰা মতে দেওঁৰজা কমাৰচুকৰ প্ৰশান্ত, বৰচহকী চুকৰ ৰঞ্জন, বসন্ত, বিতুপনে যোৰহাটৰ বিশেষ লালিগুৰ পাৰ্টীৰ লগত গোপনে ব্যৱসায় আৰম্ভ কৰি অঞ্চলটোত সামাজিক,শৈক্ষিক বাতাবৰণ বিনষ্ট কৰি পেলাইছে। কমাৰচুক আৰু বৰচহকী চুকৰ এইকেইটা চুলাই ব্যৱসায়ীয়ে আমগুৰি নগৰৰ লগতে জাঁজী, চেলেংহাট, বৰবাম, হালোৱাটিঙলৈ বিশেষ গাড়ীৰে চুলাই সৰবৰাহ কৰি আহিছে। এইক্ষেত্ৰত আমগুৰি আৰক্ষী আৰু আবকাৰী বিভাগটোৱে দওৰজা অঞ্চলটোত বহুবাৰ অভিযান চলাই আহিছে যদিও অবৈধ ব্যৱসায়ীকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply