Breaking

গোসাইগাঁওত আৰক্ষী বিযয়া , অ চি’ক সম্বৰ্ধনা অটো চালক সন্থাৰ

0 2,274

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰ পাৰ্শ্বৱৰ্তী অক্সিগুৰী গাঁৱৰ আনোৱাৰ হোসেন নামৰ এজন ই- ৰিক্সা চালক যোৱা ১২ নৱেম্বৰত নিৰুদ্দেশ হৈছিল ৷কিন্ত গোসাইগঁও মহকুমা আৰক্ষী বিযয়া সৌৰভ গুপ্তা আৰু গোসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযয়া অমৰ জ্যোতি বাইলুংয়ে অতি ক্ষীপ্ৰতাৰে অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰত  মহকুমাখনৰ কায়ৰাবানীৰ পৰা নিৰুদ্দিষ্ট ই- ৰিক্সা চালকজনৰ মৃত দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷মহকুমা আৰক্ষী বিযয়া সৌৰভ গুপ্তা আৰু গোসাইগাঁও থানাৰ অ’ চি  অমৰ জ্যোতি বাইলুংৰ কৰ্মদক্ষতাৰ প্ৰতি সন্মান জনাই আজি ৰাতিপূৱা দহ বজাত গোসাইগাঁও মহকুমা অটো চালক সন্হাই মহকুমা আৰক্ষী বিযয়াৰ বাংলাত উপস্থিত হৈ মহকুমা আৰক্ষী বিযয়া সৌৰভ গুপ্তা আৰু গোসাইগাঁও থানাৰ অ’ চি অমৰ জ্যোতি বাইলুংক ফুলাম গোমছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷সম্বৰ্ধনা জ্ঞাপনৰ অন্তত গোসাইগাঁও মহকুমা অটো চালক সন্হাৰ সভাপতি ফজৰ আলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে নিৰীহ ই – ৰিক্সা চালকৰ মৃত দেহ উদ্ধাৰ কৰাৰ সমান্তৰালভাৱে ই – ৰিক্সা চালকৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত আটো চালক সন্হাই আৰক্ষী প্ৰশাসনৰ বিয়য়া দুগৰাকীৰ প্ৰতি সন্তোষ্টি প্ৰকাশ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে বুলি জনায় ৷নৃশংসভাৱে হত্যা কৰা নিৰীহ ই – ৰিক্সা চালক জনৰ পৰিয়ালক যাতে অসম চৰকাৰ আৰু বি টি আৰ পৰিষদীয় চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে তাৰবাবে অটো চালক সন্হাৰ সভাপতি ফজৰ আলীয়ে বিনম্ৰ অনুৰোধ জনায় ৷

Leave A Reply