Breaking

ৰহাত অবৈধ চুলাইমদৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

0 1,033

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম শালমাৰা, কামগাঁও, ফুলগুৰি আৰু বগৰীগুৰিত শেহতীয়া তিনিদিনত ৰহা আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ চুলাইমদৰ অবৈধ ঘাটি উচ্ছেদ কৰে। জানিব পৰামতে ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসৰ প্ৰত্যক্ষ তত্বাৱধানত উপপৰিদৰ্শক সমৰজ্যোতি ডেকা, সহ:উপপৰিদৰ্শক আবুল হুছেইন; ৰোহিত ভূঞাৰ যুদ্ধকালীন তৎপৰতাৰে এনে অবৈধ চুলাই মদৰ ঘাটি সমূহত অভিযান চলাই বহু পৰিমাণৰ চুলাই মদ ধ্বংস কৰে। আৰক্ষীৰ এক সূত্ৰে জানিব দিয়া মতে বৃহত্তৰ  ৰহা অঞ্চলত অবৈধ চুলাই মদৰ তৈয়াৰ আৰু প্ৰচলনৰ বাবে অঞ্চলটোৰ সামাজিক পৰিবেশোভত আঘাট কৰিছে। স্থানীয় ৰাইজে এই সন্দৰ্ভত চাপৰমুখ আবকাৰী বিভাগক বহুবাৰ অৱগত কৰিছিল যদিও শেহতীয়াকৈ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্ত্বত চাপৰমুখ আবকাৰী চক্ৰবিষয়া সহিতে সহকাৰী চক্ৰবিষয়া দুয়োজন বদলি হোৱাত কোনো গুৰুত্ব প্ৰদান কৰা নহ’ল। কিন্তু প্ৰতিদিনে এনে অবৈধ চুলাইৰ প্ৰচলনত যুৱপ্ৰজন্মৰ লগতে সামাজিক পৰিবেশ বিনষ্ট হোৱাত স্থানীয় সচেতন লোকৰ আহ্বানত ৰহা আৰক্ষীয়ে নিজাকৈ অভিযান চলাবলৈ বাধ্য হয়। বিচাৰ্য বিষয় যে, চাপৰমুখস্থিত আবকাৰী কাৰ্যালয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰা পৰিপ্ৰেক্ষিত্বত ৰহা আৰক্ষীয়ে শেহতীয়া সপ্তাহত প্ৰতিদিনে অবৈধ চুলাই মদৰ বিৰুদ্ধে চলাইছে অভিযান। পশ্চিম শালমাৰা, ফুলগুৰি, বগৰিগুৰি, কামগাঁও, নামগাঁও আদি অঞ্চলত ৰহা আৰক্ষীয়ে অভিযান চলাই প্ৰায় পঞ্চাশটা চুলাই মদ তৈয়াৰ কৰা ভাটি উচ্ছেদ কৰে। এই সময়চোৱাত অবৈধ ভাৱে তৈয়াৰ কৰা প্ৰায় চাৰিহাজাৰ লিটাৰ চুলাইমদো ধ্বংস কৰে। উল্লেখ্য যে, চাপৰমুখ আবকাৰী চক্ৰপৰিদৰ্শক কাৰ্যালয়ৰ বৃহত এলেকাত প্ৰায় শতাধিক গাঁৱত কেইবাশ চুলাই মদৰ ঘাটি আছে যদিও আজি পৰ্যন্ত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে ৰহস্যজনক ভাৱে অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই।

Leave A Reply