Breaking

সুৰাৰ ৰম্যপুৰী নগৰবেৰা : আৰক্ষী চক্ৰ বিষয়াই উৎখাত কৰিলে অবৈধ সুৰাৰ দোকান

0 2,049

শেহতীয়াকৈ নগৰবেৰাত দেশী-বিদেশী সুৰা আৰু চুলাই মদৰ আগ্ৰাসনে সচেতন ৰাইজৰ টোপনি হৰিছে । স্মৰ্তব্য যে বৃহত্তৰ অঞ্চলটোত এখনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মদৰ দোকান নাই যদিও একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰশাসনক মেনেজ কৰি বছৰ বছৰ ধৰি অবৈধ সুৰা, চুলাই বিক্ৰী কৰি আহিছে । কালি সন্ধিয়া নগৰবেৰাৰ নিউ মাৰ্কেটত ছয়গাঁও আৰক্ষী চক্ৰ বিষয়া সোণ কুমাৰ শৰ্মাই এক অতৰ্কিত অভিযান চলাই দীপক দাস নামৰ মদ ব্যৱসায়ী এজনক বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰিবলৈ সক্ষম হয় । অভিযানত বুজন পৰিমানৰ সুৰাৰ বটলৰ উপৰি প্ৰায় পঞ্চাশ পেকেট চুলাইৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয় আনহাতে ধৃত ব্যৱসায়ী গৰাকীক  আৰক্ষী চক্ৰ বিষয়াই নগৰবেৰা আৰক্ষীক চমজাই দি এক গোচৰ ৰুজু কৰে । উল্লেখযোগ্য যে নগৰবেৰা আৰক্ষী থানাৰ নাতি দূৰত প্ৰায় তিনি-চাৰি স্থানত একাধিক খামীডাঠ ব্যৱসায়ীয়ে কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নোহোৱাকৈ  নিতৌ লাখ-লাখ টকাৰ মদ বিক্ৰী কৰি আহিছে যদিও নগৰবেৰা আৰক্ষীয়ে আজিকোপতি কোনোধৰণৰ পদক্ষেপ নোলোৱাটো ৰাইজৰ দৃষ্টিত ৰহস্যজনক । ৰাইজে আৰক্ষী চক্ৰ বিষয়া সোণ কুমাৰ শৰ্মাৰ এনে পদক্ষেপৰ শলাগ লোৱাৰ উপৰি আগলৈ অঞ্চলটো আগলৈও নিৰীক্ষণৰ আহ্বান জনাইছে । 

Leave A Reply