Breaking

আৰক্ষীৰ অভিযান: বাল্য বিবাহ কৰাই বিপদত শতাধিক লোক; ১৮০০ জালত

0 55

বাল্য বিবাহক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছে৷

নাবালিকাৰ লগত অবৈধভাৱে বিয়া কৰি এতিয়া আটক হৈছে বহু যুৱক৷

আৰক্ষীয়ে নিশাৰ পৰা চলোৱা এই অভিযানত

গোলাঘাটৰ পৰা ১৩ জনক আটক ,

মৈৰাবাৰীৰ পৰা ২ জনক আটক ,

চৰাইদেউ জিলাত নিশাৰ পৰা এতিয়া লৈকে ৪৯ গৰাকীক আটক কৰিবলৈ সক্ষম হৈছে৷

আনহাতে মৰিগাঁৱৰ পৰা ৬০ জনতকৈ অধিক লোকক আটক কৰিছে৷

যোগীঘোপাত ২১ গৰাকী ,

বৰপেটা ৰোডত ২৬ গৰাকী,

শিৱসাগৰত ১৩ গৰাকী,

অভয়াপুৰীৰ বিভিন্ন স্থানৰ পৰা মুঠ ১৪ গৰাকী,

ওদালগুৰিৰ পৰা দুগৰাকীক,

চিৰাঙত মুঠ ৪০ গৰাকী ,

হাজোৰ পৰা ১২ গৰাকীক,

কামপুৰৰ পৰা ৫ গৰাকীক ,

জাগিৰোদৰ পৰা ২জন,

মাজুলীত ৭জন,

বটদ্ৰৱাত ৫জন,

ৰহাত ৪ জন,

হোজাইত ৮৮জন,

কোকৰাঝাৰত ২৪জন,

গোৱালপাৰাত ৩০জন,

বিশ্বনাথত ১২৯জন,

গুৱাহাটীত ৫৩জন,

ধুবুৰীত ১২৮জন,

মানকাচৰত ৩৮জন আটক৷

যোৰহাটত ২৫ গৰাকীকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে৷

Leave A Reply