Breaking

লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…

0 15

আগন্তুক লোকসভা নিৰ্বাচন, ২০২৪ চনৰ বাবে সকলো ৰাজনৈতিক দলে ৯৬৯ মিলিয়ন ভোটাৰৰ মন জয় কৰি ৫৪৩ খন আসনত জয়লাভ কৰিবলৈ বিভিন্ন ৰাজনৈতিক কাৰ্যসূচী হাতত লৈছে। তাৰ ভিতৰত ৰাজনৈতিক দলসমূহে প্ৰকাশ কৰা ইস্তাহাৰসমূহ (Manifestos )দলৰ আদৰ্শ, ভোটাৰক দিয়া প্ৰতিশ্ৰুতিসমূহ (Promises) আৰু প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰ কলা-কৌশল আদি তথ্য গধুৰ এখন পুথিৰ দৰে। ২৬ টা বিৰোধী দলসমূহৰ সন্মিলিত “ইণ্ডিয়া”ক (Indian National Development inclusive Alliance, INDIA) নেতৃত্ব প্ৰদান কৰা ভাৰতীয় কংগ্ৰেছ দলে ২০ দফীয়া প্ৰতিশ্ৰুতিৰে দলীয় ইস্তাহাৰত কেন্দ্ৰত নেতৃত্বধীন ভাৰতীয় জনতা দলৰ প্ৰশাসনীয় দুৰ্নীতি, ভ্ৰষ্টাচাৰ, উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িকতাবাদ আৰু ধৰ্মৰ ভিত্তিত অৰ্থনৈতিক বৈষম্যৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। লগতে গ্ৰাম্য জীৱনৰ দুৰ্দশা, নিবনুৱা সমস্যা আৰু অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ বাবে ভোটাৰ ৰাইজক ২৫ টা গেৰান্টি প্ৰদান কৰিছে।

সেইবোৰ হ’ল ক্ৰমে, দেশৰ যুৱ, তিৰোতা,কৃষক আদিক অৰ্থনৈতিক সম অধিকাৰ , অনুসূচিত জাতি, অনুসূচিত জনজাতি অন্যান্য পিছপৰা জাতি, অতিৰিক্ত পিছপৰা জাতিৰ বাবে ৫০% সংৰক্ষণৰ ক্যাপ বৃদ্ধিৰ ব্যৱস্থা কৰি সকলো জনগোষ্ঠীৰ বাবে জনগোষ্ঠীয় ভিত্তিত লোক পিয়লৰ ব্যৱস্থা, সংখ্যালঘুৰ ব্যক্তিগত আইন, মৌলিক অধিকাৰসমূহ খাদ্য, পোছাক আৰু বিয়াৰ ক্ষেত্ৰতো হস্তক্ষেপ কৰা আইনসমূহ সংশোধন কৰা, সামাজিক মাধ্যম আৰু ইন্টাৰনেটৰ জৰিয়তে মত প্ৰকাশ কৰাৰ অধিকাৰ সংৰক্ষণ কৰা, মহালক্ষ্মী স্কীমৰ অধীনত প্ৰতি বছৰে দুখীয়া পৰিয়ালক চৰ্তহীন ভাবে এক লাখ টকাকৈ প্ৰদান কৰা, সাৰ্বজনীন স্বাস্থ্য স্কীমৰ অধীনত ২৫ লাখ টকা লৈকে স্বাস্থ্য বীমা প্ৰচলন কৰা, অৰ্থনৈতিক ভাবে দুৰ্বল শ্ৰেণীৰ (EWS) বাবে চাকৰি , শিক্ষানুষ্ঠানত কোনো বৈষম্য নোহোৱাকৈ সকলো জাতিৰ বাবে দহ শতাংশ কোটা প্ৰদান কৰা, ত্ৰাণৰ এককালীন পৰিমাপ হিচাপে ছাত্ৰ শিক্ষাগত ঋণৰ ক্ষেত্ৰত ১৫ মাৰ্চ ,২০২৪ চন পৰ্যন্ত অবৈতনিক সুদ সহ বকেয়া পৰিমাণ বাতিল কৰা হ’ব আৰু চৰকাৰে বেংকসমূহক ক্ষতি পূৰণ দান কৰা, জাতীয় ন্যূনতম মজুৰি প্ৰতিদিনে ৪০০ টকা নিৰ্ধাৰিত কৰাৰ নিশ্চয়তা প্ৰদান, অগ্নিপথ কৰ্মসূচী বাতিল কৰি সম্পূৰ্ণ অনুমোদিত শক্তি অৰ্জনৰ বাবে সশস্ত্ৰ বাহিনীক স্বাভাৱিক পদ্ধতিৰে নিয়োগ ব্যৱস্থা কৰাৰ বাবে অনুমোদন, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত অনুমোদিত ৩০ লাখ খালি পদ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দান, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ পদসমূহৰ ৫০ শতাংশ মহিলাসকলৰ বাবে সংৰক্ষণ, চাকৰিৰ বাবে নিবেদন কৰাৰ বাবে প্ৰপত্ৰ পূৰণৰ বাবে কোনো ফিহ আদি নোলোৱাকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা দিয়া, সম্পত্তিৰ সম বিতৰণ, জি এছ টি আইনক সংশোধন কৰি জি এছ টি ২.০ দি প্ৰতিষ্ঠাপন, জম্মু আৰু কাশ্মীৰক পুনৰাই ৰাজ্য হিচাপে স্বীকৃতি দি বিশেষ ৰাজ্যৰ অধিকাৰ প্ৰদান, চহৰৰ পৰিকাঠামোৰ পুনৰনিৰ্বাৰণ আৰু চহৰৰ দুখীয়া মানুহৰ কৰ্ম সংস্থানৰ ব্যৱস্থা, চৰকাৰী, পি এছ ইউত নিয়মিত চাকৰিৰ চুক্তি বাতিল কৰি চাকৰি নিয়মিত কৰাৰ আশ্বাস দান,এঞ্জেল টেক্স আৰু শোষণমূলক টেক্সসমূহ বাতিল কৰাৰ প্ৰতিশ্ৰুতি, প্ৰত্যেক ডিপ্লোমাধাৰী বা ২৫ বছৰৰ তলৰ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে এক বছৰৰ শিক্ষানবিচ প্ৰদানৰ বাবে শিক্ষানবিচ আইনৰ নতুন অধিকাৰৰ নিশ্চয়তা প্ৰদান, কৰ্ম-সংস্থান কৰ্মসংস্কৃতি চালু, মাথোঁ এটি প্ৰত্যক্ষ কৰ কোড প্ৰণয়নৰ প্ৰতিশ্ৰুতি , সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ সংশোধন ঘটোৱা, কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নাগৰিকত্ব সংশোধনী আইনখন ৰ’দ কৰা, ইউ চি চি (Uniform Civil code) স্থগিত ৰখা। এক দেশ এক নিৰ্বাচন পদ্ধতিত নিৰ্বাচন অনুষ্ঠিত নকৰা। এক দেশ নামৰ অজুহাতত ইণ্ডিয়া নাম উঠাই দি দেশৰ নাম কেৱল ভাৰত ৰখা প্ৰযোজ্য নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ইত্যাদি বিভিন্ন গেৰেন্টি জাতীয় কংগ্ৰেছ দলৰ ইস্তাহাৰ ; বা ন্যায় পত্ৰত ( Demand for Justice ) সন্নিৱিষ্ট হৈছে।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বাধীন বিৰোধী সন্মিলিত দলসমূহৰ প্ৰধানকৈ মাৰ্ক্সবাদী কমিউনিষ্ট দল, ডি এম কে, সমাজবাদী পাৰ্টী, আৰ জে ডি, বি এছ পি,আপ, ৰাষ্ট্ৰীয় কংগ্ৰেছ দল , তৃণমূল কংগ্ৰেছ দল আদি ইস্তাহাৰত বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে প্ৰচলন কৰা স্বৈৰাচাৰী শাসন ব্যৱস্থা,বৈষম্যমূলক আইন, ব্যক্তিগত স্বাধীনতা খৰ্ব কৰা, সংবিধান-প্ৰদত্ত মৌলিক অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ, শোষণমূলক টেক্সসমূহৰ দ্বাৰা দেশৰ অভ্যন্তৰত অস্থিৰতা সৃষ্টি কৰা, অৰ্থনৈতিক সংকট নমাই অনা আৰু উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক আদৰ্শৰ ভিত্তিত সংখ্যালঘুৰ ওপৰত প্ৰয়োগ কৰা দমনমূলক আইনসমূহ ৰ’দ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ সৈতে একেধৰণে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ উপৰিও অঞ্চল ভেদে সৃষ্টি হোৱা কিছুমান সমস্যা সমাধান কৰিবলৈ প্ৰতিশ্ৰুতি দান কৰা পৰিলক্ষিত হৈছে। সেইবোৰ ইয়াত আলোচনা কৰা নিষ্প্ৰয়োজন। দেশৰ শাসন কাৰ্য চলাই যোৱা জাতীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (National Democratic alliance,NDA) মিত্ৰজোঁটৰ নেতৃত্ব প্ৰদান কৰা ভাৰতীয় জনতা পাৰ্টীয়ে দলীয় ইস্তাহাৰত প্ৰকাশ কৰিছে যে, এক দেশ এক নিৰ্বাচন অনুষ্ঠিত কৰা , অভিন্ন দেওৱানী বিধি ( UCC) ,দেশৰ সকলো নাগৰিকক লৈ নাগৰিকত্ব সংশোধনী আইনখন প্ৰযোজ্য কৰা (Citizenship amendment act ,CAA), এক দেশ এক ” ভাৰত ” নাম, ভাৰত চীন,ভাৰত পাকিস্তান,ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ সমূহৰ সীমা নিৰ্ধাৰিত কৰি অত্যাধুনিক ডিজিটেল পদ্ধতিৰে সীমা সুৰক্ষাৰ ব্যৱস্থা কৰা। অযোধ্যা মন্দিৰ স্থাপনক থিম হিচাপে লৈ দেশত ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ লক্ষ্য স্থিৰ কৰা,নাৰীয়ে সম অধিকাৰ লাভ কৰা, আই আই টি, এইমছ, আই আই এম আদি উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহক গুৰুত্ব আৰোপ প্ৰদান কৰা, উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে পৰ্যায় ক্ৰমে AFSPA ৰ’দ কৰা হ’ব আৰু ৰাজ্যসমূহৰ সীমা-বিবাদ মীমাংসা কৰা হ’ব।

ভাৰতবৰ্ষখন অতি শীঘ্ৰে বিশ্বৰ ভিতৰতে তৃতীয় অৰ্থনৈতিক শক্তিশালী দেশ হিচাপে পৰিগণিত কৰা , পি এম গৰীৱ কল্যাণ অন্ন‌ যোজনাৰ অধীনত দেশৰ ৮০ কোটি নাগৰিকক পাঁচ বছৰৰ ভিতৰত বিনামূলীয়া ৰেচন কাৰ্ড যোগান ধৰা, পি এম সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনাৰ অধীনত (PM Surya Ghar muft Bijli Yojna) দুখীয়া পৰিয়ালক বিনামূলীয়া বিজুলী যোগানৰ ব্যৱস্থা, তিনি কোটি গ্ৰাম্য তিৰোতাক লাখপতি বনোৱা, শিক্ষানুষ্ঠান আৰু শিল্প উদ্যোগ আৰু বাণিজ্য অনুষ্ঠান সমূহত তিৰোতাৰ বাবে হোষ্টেল নিৰ্মাণ, তিৰোতা মানুহৰ এনিমিয়া বা ৰক্তশূন্যতা (Anemia ), ব্ৰেষ্ট কেন্সাৰ( Breast Cancer,কাৰ্ভিকেল কেন্সাৰ ( Karvical Cancer)আদি দুৰাৰোগ্য বেমাৰ উপশম কৰাৰ বাবে বিভিন্ন কাৰ্যসূচীৰে হাতত লোৱা, নাৰী শক্তি বন্ধন অধিনিয়মৰ জৰিয়তে দেশৰ পাৰ্লিয়ামেন্ট আৰু বিধানসভাত নাৰীৰ কাৰণে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা, পি এম কিশান সন্মান নিধি যোজনাৰ অধীনত দেশৰ কৃষক সকলক বাৰ্ষিক ৬০০০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা, কৃষি আন্তঃগাথনি তৈয়াৰ কৰি কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ এম এছ পি বৃদ্ধি কৰি উচিত মূল্যত বিক্ৰীৰ ব্যৱস্থা, সঞ্চয় কৰা , জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃষিজাত সামগ্ৰী ৰপ্তানি আৰু আমদানি কৰাৰ লগতে বিভিন্ন ধৰণৰ সা-সুবিধা প্ৰদান কৰা, কৃত্ৰিম সাৰ, কীটনাশক ঔষধ সুলভ মূল্যত যোগান ধৰা, শীতলীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে শাক-পাচলি সংৰক্ষণ ইত্যাদিৰ জৰিয়তে কৃষকৰ মানদণ্ড উন্নত কৰা, অটো, টেক্সী,ট্ৰাক আদিৰ ড্ৰাইভাৰ সকলক সামাজিক সুৰক্ষা দান কৰা, বিৰোধী দলসমূহৰ ইস্তাহাৰত ঘোষনা কৰা সম্পত্তি সম বিতৰণ আৰু ইনহেৰিটেন্স টেক্সৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰকাশ কৰিছে এইবোৰ আইনৰ জৰিয়তে বিৰোধী দলসমূহে সংখ্যালঘু মুছলমানক তোষামোদ কৰি মুছলমানৰ জৰিয়তে ভোট বেংক তৈয়াৰ কৰিব বিচাৰে। বি জেপি য়ে ধৰ্মৰ ভিত্তিত মুছলমানক ৪ শতাংশ সংৰক্ষণ ব্যৱস্থা উঠাই দি অনুসূচিত জাতি অনুসূচিত জনজাতি,অ বি চি, এম অ বি চি ক সংৰক্ষণ নীতি বজাই ৰাখিবলৈ স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰে। বি জে পি ৰ মতে সম্পত্তি সম বিতৰণৰ নামত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে সম্পত্তি ভাগ কৰি হিন্দুৰ সম্পত্তি ভোটৰ স্বাৰ্থত সংখ্যালঘু মুছলমানক ভগাই দিব বিচাৰে,যাক কেতিয়াও মানি লব নোৱাৰি ।‌ইনহেৰিটেন্স টেক্স আইনৰ জৰিয়তেও সংখ্যালঘু মুছলমানক অ বি চি কেটেগৰীৰ সংৰক্ষণ নীতিৰ অধীনত আনিব বিচৰা হৈছে। ইয়াক বি জে পি য়ে নস্যাৎ কৰি ইয়াক ৰ’দ কৰে।

যি কি নহওঁক, নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ সময়ত ৰাজনৈতিক দলসমূহৰ দলীয় ইস্তাহাৰ তল পৰা পৰিলক্ষিত হৈছে। আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পৰা অনুষ্ঠিত নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে প্ৰকাশ কৰা তেওঁলোকৰ দলীয় ইস্তাহাৰসমূহত উল্লেখ কৰা প্ৰতিশ্ৰুতিসমূহ পালন কৰা দেখা নাযায় ; দেশৰ জনসাধাৰণো এই ক্ষেত্ৰত বৰ বেছি সচেতন বুলি মনে নধৰে। বৰঞ্চ নিৰ্বাচনী কুচ-কাৱাজ চলি থকাৰ সময়ত ৰাজনৈতিক দলসমূহৰ ৰথী-মহাৰথী সকলে নিৰ্বাচনী সভাত গৰম গৰম বক্তৃতা প্ৰদান কৰা দেখা যায়। দলসমূহে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে লাখ লাখ সমৰ্থক,দলৰ মন্ত্ৰী, নেতা পালিনেতা আৰু দলীয় প্ৰাৰ্থীক লৈ বিশাল গণ-মিছিল বা ৰোড শ্ব ৰ জৰিয়তে এক মেলামুখী উৎসৱলৈ পৰিণত কৰে ;বাটে-ঘাটে পোষ্টাৰ, বেনাৰ আৰু “আকৌ এবাৰ মোদী চৰকাৰ” নৃত্য-গীতেৰে নিৰ্বাচনী প্ৰচাৰ ৰঙ্গমঞ্চলৈ পৰিণত হয়। ইয়াৰ উপৰিও সামাজিক মাধ্যম যেনে হোৱাইটচ এপপ, ফেচবুক, ইনষ্টেগ্ৰাম, ইন্টাৰনেট , টুইটাৰ, টিভি , ৰেডিঅ’, বাতৰি কাকত আদিৰ জৰিয়তে ৰাজনৈতিক দলসমূহে নানা ৰংচঙীয়া বিজ্ঞপ্তি প্ৰচাৰ কৰি ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা কৰে। যোৱা ২০১৯ চনত এই ডিজিটেল পদ্ধতিৰে ৰাজনৈতিক দলসমূহে বিজ্ঞপ্তি প্ৰচাৰ কৰাৰ বাবে ২৫ লাখ কোটি টকা খৰচ কৰিছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এই মাধ্যমৰ জৰিয়তে প্ৰায় দ্বিগুণ অৰ্থাৎ ৫০ লাখ কোটি টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। তাৰ উপৰিও ৰাজনৈতিক দলসমূহে বিভিন্ন শ্লোগান আওৰাই ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে । যেনে ভাৰতীয় জনতা পাৰ্টীৰ শ্লোগান ” আবকে বাৰ চাৰশ পাৰ ” । ভাৰত জোড়ো আন্দোলনৰ কাৰ্যসূচী হাতত লৈ ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচনী শ্লোগান আওৰাইছে ” হাত বদলাগে হালাত ( Hand will make change)


সমাজ বাদী দলৰ শ্লোগান ” বিকাশ কী চাবি ,ডিম্পল ভাবী, বিকাশ কী পহিয়া, অকলেশ ভাইয়া ।”
বি এছ পি দলে কৈছে, বেটিয়ো কো মুছকৰানে দো, বহীনজী কো আনে দো।”
আম আদমী পাৰ্টীৰ শ্লোগান,” অচ্ছী বিটি পাঁচ সাল , লাগে ৰহো কেজৰিয়াল।”


তৃণমূল কংগ্ৰেছে” মা মাটি আৰু মানুশ” ৰ শ্লোগান দিছে। ৰাজনৈতিক দলসমূহে এই শ্লোগান আওৰাই থকাৰ উপৰিও এটা দলে আনটো দলক বোকা ছটিওৱা গালি-শপনি বা শাও দিয়া, হাই কাজিয়া কৰা, পৰস্পৰে পৰস্পৰক ঠাট্টা, বিদ্ৰুপ আৰু ব্যক্তিগত পৰ্য্যায়লৈ আক্ৰমণ -প্ৰত্যাক্ৰমণ নিৰ্বচনী প্ৰচাৰৰ অংশ হৈ পৰিছে। যেনে ভাৰতীয় জনতা দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাহুল গান্ধীক শ্বাহাজাদে (Prince) বুলি সম্বোধন কৰে ; আনহাতে ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ নেতা শৰৎ পাৱাৰে নৰেন্দ্ৰ মোদীক ” ৰাজা নহী ফকীৰ হ্যায়,দেশ কী তকদীৰ হ্যায় ” বুলি বিদ্ৰূপ কৰিছে । এনে নিম্ন মানৰ, ৰুচি-বিগৰ্হিত নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে প্ৰায় সকলো ৰাজনৈতিক দলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে যুদ্ধং দেহি মনোভাৱেৰে ৰাজনৈতিক পথাৰত নামি পৰে। অথচ ! আমাৰ দেশখন এতিয়াও অৰ্থনৈতিক সমস্যাত জৰ্জৰিত হৈ আছে। প্ৰশাসনিক ব্যৱস্থাত অনিয়ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ তীব্ৰ ভাবে গা দি উঠিছে। নিত্য প্ৰয়োজনীয় বস্তু-সামগ্ৰীৰ আকাশ-লঙ্ঘী দাম , ৰাস্তা-ঘাট, দলং আদিৰ জৰাজীৰ্ণ ৰূপ, মেৰামতিৰ নামত দুৰ্নীতি, ভয়াবহ নিবনুৱা সমস্যা, শিক্ষা -স্বাস্থ্য খণ্ডৰ দুখলগা অৱস্থা , দেশৰ প্ৰায় আধা মানুহে চৰম দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস , টকাৰ মূল্য হ্ৰাস ইত্যাদি এশ এবুৰি সমস্যাত ভুগি আছে দেশৰ কোটি কোটি জনতা। ৰাজনৈতিক দলসমূহে এই মূল ইছ্যু বোৰত মনোনিবেশ নকৰি কেৱল সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ” হিতাধিকাৰী সৃষ্টিৰ পৰম্পৰা ত্বৰান্বিত কৰি বৰ্তমান বি জে পি শাসিত কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰসমূহে দেশৰ ৮০ কোটি জনগণক হিতাধিকাৰী আঁচনিৰ আওতালৈ আনি চমক সৃষ্টি কৰিব বিচাৰিছে। যাৰ ফলত এই হিতাধিকাৰীৰ আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে প্ৰায় কেইবালাখ কোটি টকাৰ ঋণৰ দুৰ্বিসহ বোজা দেশৰ জনগণে কান্ধ পাতি লব লগীয়া হৈছে ; আনপিনে হিতাধিকাৰী আঁচনিৰ অন্তৰ্ভুক্ত হৈ দেশৰ কোটি কোটি জনতাই অকৰ্মণ্য আৰু পঙ্গুত্বৰ জীৱন নিৰ্বাহ কৰি আছে। লোকসভাৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে এনে চমক সৃষ্টি কৰা আঁচনিসমূহে দেশৰ সৰ্বাংগীন বিকাশ সাধন কৰিব নোৱাৰে।

Leave A Reply