Breaking

বাংলাদেশী মুলৰ মিঞাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আগ্ৰাসন, অসমীয়াৰ সংস্কৃতিক ধ্বংসৰ পৰিকল্পনাঃ ভুৱন পেগু…

0 95

প্ৰসংগঃ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্য

বাংলাদেশী মুলৰ মিঞাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আগ্ৰাসন, অসমীয়াৰ সংস্কৃতিক ধ্বংসৰ পৰিকল্পনাঃ ভুৱন পেগু

নিৰ্বাচনত আজমল বাহিনীক প্ৰতিহত কৰিব অসমৰ খিলঞ্জীয়া জণগনে 

সাম্প্ৰদায়িক মন্তব্য কৰি অসমত বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলোৱা এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলক এইবাৰ উভতি ধৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগুয়ে। বদৰুদ্দিন আজমলৰ এনে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ মন্তব্যই অসমৰ থলুৱা খিলঞ্জীয়া অসমীয়া ৰাইজক অপমান কৰিছে। আই চি চি  বা জেহাদীৰ মনোভাব লৈ আজমলে এনে মন্তব্য কৰাৰ বাবে আচলতে অসমত বাংলাদশী মুলৰ মিঞা মুচলমান সকলে আজিলৈকে মুলসূতিৰ অসমীয়া মানুহৰ লগত খাপ খাব নোৱাৰিলে। গণতান্ত্ৰিক দেশ এখনত ৰাইজে ভোট দি নিৰ্বাচিত কৰা এজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ক ব্ৰহ্মপুত্ৰত উটোৱাই দিয়া বুলি যি অপমানসূচক মন্তব্য কৰিছে তেনে জেহাদী মন্তব্যবোৰক অসমৰ জনগনে অহা নিৰ্বাচনত আজমলক প্ৰতিহত কৰিব। এইটোৱেই শৰাইঘাটৰ শেষ ৰণ হ’ব ।

শৰাইঘাটৰ যুদ্ধ অসমৰ খিলঞ্জীয়া যুৱ সমাজে এনে বদৰুদ্দিন আজলম, চিৰাজৌদ্দিন আজমল আৰু বাংলাদেশী মুলৰ মিঞাৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আগ্ৰাসন কেতিয়াও সহ্য নকৰে  চিলাপথাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰেই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ উঠে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগু। 

অসমৰ খিলঞ্জীয়া জনগনে বজাৰ -পথাৰ দখল কৰাৰ প্ৰক্ৰিয়া উজনি অসমৰ কেবাখনো জিলাত ইতিমধ্যে ই আৰম্ভ কৰিছে।  অনাগত দিনত অসমত তেনে মিঞা বাংলাদেশীৰ আগ্ৰসন উপৰাই পেলাই অসমত খিলঞ্জীয়াৰ শাসন বিজেপি দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজমলৰ এনে ৰাজনীতি উপৰাই পেলোৱা হ’ব বুলিও কয়। অহা হাজাৰ বছৰলৈকে অসমত বাংলাদশী মিঞা মুছলমানৰ শাসন কৰাৰ যি সপোন, আই চি চি, জেহাদীৰ মনোভাৱেৰে অসম দখল কৰাৰ যি পৰিকল্পনা কৰিছিল আজমল বাহিনীয়ে এই সকলো সপোন হৈয়ে থাকিব।

বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে এই সম্পৰ্কত বিৰোধী কংগ্ৰেছ দলকো  কটু সমালোচনা কৰি কয় আজমলৰ এনে সাম্প্ৰদায়িক মন্তব্যবোৰক কংগ্ৰেছে যুগ যুগ ধৰি কম্প্ৰমাইজ কৰাৰ বাবেই আজমলৰ দৰে এজন ব্যক্তিয়ে অসমৰ খিলঞ্জীয়াৰ ভূমিত অসমীয়াৰ জনজীৱনক ধ্বংস কৰাৰ এনে সাম্প্ৰদায়িক মন্তব্য কৰিব পাৰিছে। ইফালে কংগ্ৰেছৰ নেতৃত্বত গঠিত ১৫ টাকৈ ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চকো সমালোচনা কৰি কয়  অসমৰ খিলঞ্জীয়া জনগন বিজেপি দলৰ লগতে আছে বাংলাদেশী মুলৰ মিঞাৰ সকলক লৈয়ে বিৰোধীয়ে ৰাজনীতি কৰি আছে । কংগ্ৰেছৰ প্ৰতিদ্বন্দিতা বিজেপি দলৰ সৈতে নহয় বদৰুদ্দিন আজমলৰ লগতে আছে  গতিকে অসমত আৰু ১০ বছৰ বিজেপিৰ চৰকাৰ ৰাইজে আনিলে  এনে মিঞা বাংলাদেশী মুচলমানৰ চিন্তা চৰ্চা মূৰৰ পৰা ওপৰাই পেলোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগুয়ে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

Leave A Reply