Breaking

অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব…

0 31

অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰে ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ আৰু শিলচৰ সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৭ মে’ত বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে সংবাদ মেলত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয়, গোটেই বিশ্বৰ দৃষ্টি সৰ্ববৃহৎ গণতন্ত্ৰিক দেশ ভাৰতৰ নিৰ্বাচনৰ ওপৰত থাকে। নিৰ্বাচনী পৰ্ব আমাৰ বাবে এক গৌৰৱৰ বিষয়। তেওঁ কয়, যোৱা সময়ছোৱাত বিভিন্ন জিলা ভ্ৰমণ কৰি জিলা আয়ুক্তসকলৰ সৈতে সাক্ষাৎ কৰিছো। আমি স্মৰণীয় আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো।

Leave A Reply