Breaking

দায়িত্বৰত প্ৰদূষণ বিষয়াই অবৈধ ভাটা নিৰ্মাণত উদ্গনি দিয়াৰ অভিযোগ

0 36

ছিপাঝাৰ প্ৰতিবেদক : দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৱৰীগাঁৱত অবৈধভাৱে ইটা ভাটা নিৰ্মাণৰ কাম চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত কুৱৰীগাঁৱৰ সচেতন ৰাইজে ইতিমধ্যে দৰং প্ৰশাসনক কেইবাবাৰো অভিযোগ পত্ৰ দাখিল কৰিছে ৷ তৎস্বত্বেও দৰং জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল ৷ জনৈক দাস নামৰ এগৰাকী অসাধু ব্যৱসায়ীৰ  চত্ৰছায়াত হৰেশ্বৰ ৰাজবংশী , ৰমা ৰাজবংশী , নবীন ৰাজবংশী আৰু ৰামেশ্বৰ ৰাজবংশীয়ে বিভাগীয় কোনো নিয়ম অনুসৰণ নকৰাকৈ এনেদৰে  ইটাভাটা স্থাপনৰ কাম কৰি থকাত কাৰ্যত অসন্তোষ প্ৰকাশ কৰিছে কুঁৱৰীগাঁৱৰ একাংশ সচেতন ৰাইজে ৷ একেদৰে এই সন্দৰ্ভত ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ হস্তক্ষেপ বিচাৰি বিষয়টোৰ উচিত তদন্তৰ দাবী কৰিছে ৷ বিশেষকৈ ইটাভাটা স্থাপনৰ ক্ষেত্ৰত ২০১৩ ত নিৰ্ধাৰণ কৰা বিভাগীয় সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি অসাধু চক্ৰটোৱে কাৰ সাহসত নথিপত্ৰ বিহীনভাৱে নতুন ভাটা স্থাপনৰ কাম অব্যাহত ৰাখিছে বুলি এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে ৷ উল্লেখযোগ্য যে , বিভাগীয় নীতি অনুসৰি দুটা ভাটাৰ চিমনিৰ মাজত অতি কমেও ৫০০ মিটাৰৰ ব্যৱধান থাকিব লাগে ৷ কিন্তু কুঁৱৰীগাঁৱত পূৰ্বৰেপৰা থকা ভাটাৰ চিমনিৰপৰা মাত্ৰ ২০০ মিটাৰমান ব্যৱধানতে অবৈধভাৱে  নিৰ্মাণ কৰি থকা হৈছে নতুন ভাটাৰ চিমনি ৷ এই  সমগ্ৰ বিষয় সন্দৰ্ভত দৰং জিলাৰ উপায়ুক্তক চলিত বৰ্ষৰ প্ৰথম ভাগতে ৰাজহুৱা আবেদন দাখিল কৰিছিল ৷ সেই আবেদনৰ ভিত্তিত বিভাগীয়ভাৱে ভাটাটোৰ কাম দীৰ্ঘদিন ধৰি বন্ধ কৰি ৰখা হৈছিল যদিও ভাটাটো নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যোৱা ১ নৱেম্বৰত দুৰ্নীতি বিৰোধী  যুৱ শক্তি অসমৰ দৰং জিলা সমিতিৰ তৰফৰপৰা শীঘ্ৰে ভাটাটোৰ কাম বন্ধ কৰিবলৈ দৰং জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে ৷ তাৰ পিছতো দৰং জিলা প্ৰশাসনে মৌন ব্ৰত পালন কৰাৰ ৰহস্য কি বুলি এতিয়া সাধাৰণ ৰাইজৰ মাজত গুজৱ উঠিছে ৷ বিশেষকৈ প্ৰদূষণ বিভাগৰ দায়িত্বৰত বিষয়াগৰাকীয়ে ৰহস্যজনক কাৰণত অবৈধভাৱে ভাটা নিৰ্মাণ কৰি থকা চক্ৰটোক এনে আইন বিৰোধী কাৰ্যত উদ্গনি দি অহা বুলি মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন ৰাইজে

Leave A Reply