Breaking

মুম্বাইত সাগৰমুখী ঘৰ ক্ৰয় কৰিলে পূজা হেগড়ে! পূজাৰ নতুন ঘৰৰ ফটো চাওঁ আহক…

0 52

দক্ষিণৰ লগতে বলীউডতো অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰা পূজা হেগড়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰে। কিন্তু এইবাৰ অভিনয় বা শৈলীৰ বাবে চৰ্চা লাভ কৰা নাই পূজাই, মুম্বাইত নিজৰ সপোনৰ ঘৰ ক্ৰয়ৰ বাবেই শিৰোনামৰ অংশ হৈ পৰিছে অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ এনে খবৰ ওলাইছে যে পূজা হেগড়ে মুম্বাইত কোটি কোটি টকাৰ সাগৰমুখী ঘৰ ক্ৰয় কৰিছে।


এক প্ৰতিবেদন অনুসৰি পূজা হেগড়েৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, অভিনেত্ৰীগৰাকীয়ে সাগৰমুখী এখন সুন্দৰ অট্টালিকালৈ স্থানান্তৰিত হৈছে। ৪০০০ বৰ্গফুটৰ বাসস্থানৰ এই বাংলোটো মুম্বাইৰ বান্দ্ৰাৰ প্ৰধান স্থানত অৱস্থিত। পূজা হেগড়েৰ এই ঘৰটোৰ দাম ৪৫ কোটি টকা। বান্দ্ৰা, মুম্বাইত বলীউডৰ বহু তাৰকা আছে আৰু এতিয়া পূজা হেগড়েৰ নামো এই তালিকাত যোগ হৈছে।

Leave A Reply