Breaking

শিৱসাগৰৰ নামতি শালকাঠনী গাঁৱৰ পপী হাজৰিকাই খেলাৰ সুযোগ লাভ কৰিছে কমনৱেলথ গেমছত, কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব অসমৰ সাত গৰাকীকৈ খেলুৱৈয়ে

0 85

বাৰ্মিঙহামত কমনৱেলথ গেমছ । আজি আলেকজেণ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব অসমৰ সাত গৰাকীকৈ খেলুৱৈয়ে ।


শিৱসাগৰৰ নামতি ভিতৰুৱা শালকাঠনী গাঁৱৰ পপী হাজৰিকাই খেলাৰ সুযোগ লাভ কৰিছে কমনৱেলথ গেমছত । নামতি অঞ্চলৰ জীয়ৰী পপী হাজৰিকাই কমনৱেলথ গেমচত সমাগত ৩১ জুলাইত ভাৰত্তোলনত অংশগ্ৰহণ কৰিব । পপী হাজৰিকালৈ শুভেচ্ছা আৰু শুভাৰ্শীষ জ্ঞাপন কৰে নামতিবাসী ৰাইজে ।

পপী হাজৰিকাই কমনৱেলথ গেমচত খেলাৰ সুযোগ লাভ কৰাত নামতি অঞ্চলৰ লগতে সমগ্ৰ শিৱসাগৰ তথা অসম দেশৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে । এনে শুভ ক্ষণত নামতি অঞ্চলৰ লগতে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ পৰিয়ালৰ মাজত আনন্দ বন্যা বলিছে । দিপ্তী হাজৰিকা আৰু স্বৰ্গীয় অনুপ হাজৰিকাৰ কন্যা একালৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰী পপী হাজৰিকা বৰ্তমান উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এগৰাকী কৰ্মচাৰী ।

বিগত সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত পদক অৰ্জনেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী গৰাকীয়ে শেহতীয়াকৈ কমনৱেলথ গেমছত অংশ লোৱাৰ বাবে বাৰ্মিঙহামত প্ৰস্তুতি চলাই থকা পপী হাজৰিকাৰ আগন্তুক খেল ৩১ জুলাইত অনুষ্ঠিত হ’ব । নামতি অঞ্চলৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক শুভাৰ্শীষ অনুষ্ঠানৰ আয়োজন কৰে । শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আৰু নামতি আঞ্চলিক ছাত্ৰ সংস্থাৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানৰ আৰম্ভণিত সমজুৱা প্ৰাৰ্থনা ৰখা হয় ।

যাতে পপী হাজৰিকায়ে সফলতাৰে সুখ্যাতি অৰ্জন কৰি দেশক এটা উপহাৰ দিব পাৰে । নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই পপী হাজৰিকাৰ এই যাত্ৰাৰ অন্তৰালৰ তথ্য দাঙি ধৰাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলকো এনে আৰ্দশ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ।

কমনৱেলথ গেমছত সফলতা লাভ কৰাৰ সপোন লৈ খেলুৱৈ গৰাকীৰ লগতে পৰিয়াল, স্থানীয় লোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰিও অসমবাসীক আশীৰ্বাদ আৰু সমৰ্থন দিবৰ বাবে অনুৰোধ জনাইছে ।

Leave A Reply