Breaking

৪৫ তম” প্ৰি ইউৰোপিয়ান লেসাই” পুৰস্কাৰ লাভ ভাৰতীয় জনপ্ৰিয় সাহিত্যিক অৰুনদ্ধতী ৰায়ৰ…

0 82

এইবাৰৰ ৪৫ তম” প্ৰি ইউৰোপিয়ান লেসাই” পুৰস্কাৰ লাভ কৰিছে ভাৰতীয় জনপ্ৰিয় সাহিত্যিক অৰুনদ্ধতী ৰায়ে।ভাৰতীয় লেখক সকলৰ ভিতৰত অৰুনদ্ধতী ৰায়ে ১ম বাৰৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে।

তেওঁ লিখা “আজাদি, ফ্ৰিডম, ফেচিজিম, ফিকচন কিতাপ খনৰ বাবে এই পুৰস্কাৰ লাভ কৰে। যোৱা জুন মাহত পুৰস্কাৰৰ নাম ঘোষনা কৰা হয় আৰু চেপ্তেম্বৰত চুইজাৰলেণ্ডত এই বটা প্ৰদান কৰা হয়।

বিছাৰক সকলে মত প্ৰকাশ কৰে যে বৰ্তমান সময়ৰ এক বৃহৎ সমস্যা ফেচিজিমৰ স্বৰূপ অৰুনদ্ধতী ৰায়ে নানান স্তৰত উদ্ঘাটন কৰিছে। বহু মানুহৰ বাবে তেওঁৰ প্ৰবন্ধ , কিতাপ এতিয়া সকাহৰ দৰে। ফৰাচীলৈ অনুবাদ হোৱা এই কিতাপৰ পুৰস্কাৰৰ মূল্য ভাৰতীয় হিচাপত ১৮ লাখ টকা।

Leave A Reply