Breaking

জামুগুৰি সাহিত্য সভাৰ জনপ্ৰিয় বক্তৃতানুষ্ঠান : প্ৰকাশ পালে কৃতি শিক্ষক সাহিত্যকৰ্মী ভূপেন বৰদলৈৰ নৱতম গ্ৰন্থ “মৃত্যু তিথিৰ এটি স্মৃতি”

0 1,233

জামুগুৰিহাট, ২২ নবেম্বৰ : ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ অন্যতম সাহিত্যচৰ্চাৰ অনুষ্ঠান জামুগুৰি সাহিত্য সভাৰ ১০২ সংখ্যক আমন্ত্ৰণমুলক জনপ্ৰিয় বক্তৃতানুষ্ঠান আজি জামুগুৰিহাটৰ সূৰ্য্যোদয় ভৱনত বিয়লি অনুষ্ঠিত হয় ৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হেমন্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ মূখ্য বিষয় “বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তা আৰু শিশু সাহিত্যিকসকলৰ দায়িত্ব” শীৰ্ষক বিষয়ৰ আলোকপাত কৰে আলোচকৰ আসন অলংকৃত কৰা বিশিষ্ট সাহিত্যিক,গীতিকাৰ তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়াই ৷ প্ৰায় এঘন্টা জোৰা আলোচনাত শইকীয়াই সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ শিশু সাহিত্যিকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ লগতে শিশুসকলক সাহিত্যৰ প্ৰতি আকৰ্ষণ কৰিব পৰাকৈ এক সাহিত্যৰ পৰিৱেশ গঢ়ি উঠা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ৷ ফলশ্ৰুতিত অসমৰ বহুল প্ৰচাৰিত শিশু আলোচনীসমুহো মৃত্যুৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰে ৷ এনে প্ৰেক্ষাপটত সাহিত্য অনুষ্ঠান সমুহে শিশুসকলক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তোলাত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে ৷ আনহাতে অভিভাৱকসকলেও শিশুসকলক অন্যান্য বিনোদনৰ বিপৰীতে সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিব নোৱাৰিলে অসমীয়া ভাষা সাহিত্যৰ শোচনীয় অৱস্থাৰ ওৰ নপৰে ৷ উল্লেখ্য যে জামুগুৰি সাহিত্য সভাৰ নৱ নিৰ্বাচিত সম্পাদক বাসৱ ভূঞাই আঁত ধৰা আৰু নৱ নিৰ্বাচিত সভাপতি জ্যোতি ভট্টাচাৰ্যই আদৰনি ভাষণ প্ৰদান কৰা সভাখনত কৃতি শিক্ষক তথা সাহিত্যকৰ্মী ভূপেন বৰদলৈৰ নৱতম গ্ৰন্থ “মৃত্যু তিথিৰ এটি স্মৃতি”ৰ উন্মোচক হিচাপে আসন গ্ৰহণ কৰে জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ জনাৰ্দন ভূঞাই ৷ অঞ্চলটোৰ শতাধিক প্ৰবীন নবিন সাহিত্যনুৰাগী উপস্থিত থকা সভাখনত বিশিষ্ট ব্যক্তিসকলৰ হৈ মঞ্চত আসন অলংকৃত কৰে শোণিতপুৰ জিলা সাহিত সভাৰ প্ৰাক্তন সভাপতি , বিশিষ্ট চিন্তাবিদ ভৱেন বৰা, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডা° হৰেন শইকীয়া, জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ন শইকীয়া, নৱ নিৰ্বাচিত সভাপতি জ্যোতি ভট্টাচাৰ্য আৰু শিশুবন্ধু যতীন্দ্ৰ ভাগৱতীয়ে ৷ বৰ্তমানলৈকে ৮ খন গ্ৰন্থ প্ৰকাশেৰে অসমীয়া সাহিত্য ভঁৰাললৈ লেখক, ঔপন্যাসিক ভূপেন বৰদলৈয়ে গ্ৰন্থকাৰৰ একেষাৰত উল্লেখ কৰে যে গুপ্তহত্যাই এটি মধ্যবিত্ত পৰিয়াললৈ কেনেকৈ কাল অমানিশা নমাই আনিব পাৰে এনে সময়ত এখন সমাজৰ দায়বদ্ধতা কেনে হোৱা উচিত ইয়াক মূখ্য বিষয় হিচাপে লৈ উপন্যাসখন ৰচনা কৰা হৈছে ৷ সভাখনত মূল বক্তাৰ উপৰিও ৰাজহুৱা বক্তব্য দাঙি ধৰি ডা° হৰেন শইকীয়াই কয় যে শিশুসকলক শুদ্ধ পথেৰে আগবঢ়াই নিয়াত শিশু সাহিত্যিকসকলে সামাজিক দায়বদ্ধতাৰে দায়িত্ব গ্ৰহণ কৰিব লাগিব ৷ অকল বৃত্তিমুলক শিক্ষাই যে এটি শিশুৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে সেইকথাও উদাহৰণসহ শইকীয়াই সভাত দাঙি ধৰে৷সভাখনত সফল সমাপ্তিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে জামুগুৰি সাহিত্য সভাই ৷

Leave A Reply