Breaking

নলবাৰীত জনপ্ৰিয় ইউটিবাৰ দিম্পু বৰুৱাই উদ্বোধন কৰিলে ” ফ্ৰেছ মাৰ্ট”

0 309

“আমাৰ মাটি,আমাৰ বজাৰ” শীৰ্ষক লক্ষ্যৰ আধাৰত মুকলি হ’ল ফ্ৰেছ মাৰ্ট।

ৰাজ্য খনলৈ সু-খবৰ। ক্ৰমত যেন অসমীয়া যুৱকসকল এজনৰ পিছত আনজনে অসমীয়াগিৰি দেখুৱাই আগবাঢ়ি যাবলৈ ধৰিছে।এইবাৰ অসমীয়া যুৱক এজনৰ প্ৰচেষ্টাত নলবাৰী চকবজাৰত ফ্ৰেছ মাৰ্ট নামৰে এখন নতুন ডিপাৰ্টমেন্তল ষ্টোৰ মুকলি হয়।।নলবাৰীত প্ৰথমবাৰৰ বাবে মুকলি হ’ল এইখন ডিপাৰ্টমেন্তল ষ্টোৰ।

উক্ত ষ্টোৰখন বুধবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।।ষ্টোৰখন উদ্বোধন কৰে অসমৰ জনপ্ৰিয় ইউটিবাৰ ,নলবাৰীৰ যুৱক দিম্পু বৰুৱাই। লগতে উপস্থিত থাকে সাংবাদিক এম. মহিবুৰ ৰহমান, সমাজসেৱক ধীৰেন কুমাৰ বৰ্মনকে প্ৰমুখ্য কৰি কেইবা গৰাকী বিশিষ্ট লোক।

Leave A Reply