Breaking

বিজ্ঞানৰ দূৰন্ত গতিত ম’বাইল,ইন্টাৰনেটৰ প্ৰভাৱত নাইকীয়া হৈ পৰিল ডাকঘৰৰ পোষ্ট বক্স

0 1,610

দেশৰ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সময়ৰ দূৰন্ত গতিত সকলোৰে চিনাকি বয়-বস্তু তথা সা-সামগ্ৰীবোৰ এপদ এপদকৈ সমাজখনৰ পৰা যেন নাইকীয়া যাবলৈ ধৰিছে।একেসময়তে সকলোৰে চিনাকি কান্ধত দীঘল মোনা এখন ওলোমাই ঘৰে ঘৰে চিঠি বিলাই ফুৰা  ডাকঘৰৰ ডাকোৱাল ,ডাকঘৰৰ আগত খুঁটা- বেৰত ওলোমাই থোৱা ৰঙা ৰঙৰ চিঠি সোমাই থোৱা পোষ্ট বাকচ আদিও দেখিবলৈ নাইকীয়া হৈ পৰিছে।আগতে মানুহে আত্মীয় স্বজন, বন্ধু-বান্ধৱ আদিলৈ ডেকাৰ পৰা বুঢ়ালৈ ডাকঘৰত চিঠি পঠিয়াই খা-খবৰ লৈছিল।যাৰ বাবে সেইসময়ত ডাকঘৰটোৰ লগত মানুহৰ আত্মীয়তা গঢ়ি উঠিছিল।আনহাতে আজিৰ পৰা প্ৰায় এক-ডেৰদশক আগতে সমাজখনত বহুল ভাবে প্ৰচলন আছিল পোষ্টকাৰ্ড,ইনলেণ্ড কাৰ্ড,লেফাফা আদিৰ। কিন্তু আশ্বৰ্যজনক ভাবে খা-খবৰ লিখি ডাকঘৰলৈ গৈ চিঠিৰ বাকচত সোমাই থৈ অহা পৰিৱেশ আজিৰ সময়ত কতোই দেখা পোৱা নাযায়।এই সমূহ চিনাকি ছবিক যেন আধুনিক বিজ্ঞানৰ প্ৰভাৱে নাইকীয়া কৰি পেলালে।ডাকঘৰত আজি পোষ্টকাৰ্ড, ইনলেণ্ড কাৰ্ড, ডাক টিকট পাবলৈ নাই।চিঠি সোমাই থৈ আহিবলৈ চিঠিৰ বাকচো নাইকীয়া হৈ পৰিল।আজি দেশৰ ভিতৰতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত থকা জনৰ লগতো এক চেকেণ্ড, এক মিনিটতে প্ৰতিচ্ছবি সন্মুখত লৈ কথা-বতৰা পাতিব পাৰি।  স্পীড পোষ্টৰ জৰিয়তে বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ, সা-সামগ্ৰীও অতি কম সময়ৰ ভিতৰতে ঘৰতে পাব পাৰি। য’ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদান ইন্টাৰনেটৰ বাবে সম্ভৱ হৈ পৰিছে।আগতে ডাকঘৰলৈ গৈ বাৰাণ্ডাত পাৰি থৈ দিয়া ডেক্সত বহি ডাকঘৰৰ পৰা ৫০ পইচা মূল্যৰ পোষ্টকাৰ্ড, ৭৫ পইচা মূল্যৰ ইনলেণ্ড কাৰ্ড কিনি ডেক্সত বহি মুকলি ভাবে প্ৰিয়জনলৈ চিঠি লিখা পৰিৱেশ আজি নাই।যিবোৰ আজি ম’বাইলৰ জৰিয়তে সকলো কৰিব পৰা হ’ল।যাৰ বাবে সকলোৰে এক চিনাকি চৰিত্ৰ ডাকোৱালে কান্ধত ৰঙা মোনা ওলোমাই ঘৰে ঘৰে খবৰ চিঠি বিলাই ফুৰা চৰিত্ৰও নষ্টালজিয়া হৈ পৰিল।ঘৰৰ পাট গাভৰু সকলে প্ৰিয় জনৰ চিঠিৰ আশাত নঙলামুখত থিয় হৈ চিনাকি ডাকোৱালৰ অপেক্ষাত ৰৈ থকা দৃশ্যও আজি দেখিবলৈ নাই।যিবোৰ চিনাকি নান্দনিক দৃশ্যক যেন আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই  গিলি পেলালে।

Leave A Reply