Breaking

স্থগিত নহয় GATE ২০২২ পৰীক্ষাঃ উচ্চতম ন্যায়ালয়

0 2,021

গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং চমুকৈ গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি স্পষ্ট কৰি দিছে। আইআইটি খৰগপুৰে ক’ৰনা সৃষ্ট পৰিৱেশৰ বাবে এই পৰীক্ষা পিচুৱাবলৈ আৱেদন দাখিল কৰিছিল। কিন্তু অৱশেষত উচ্চতম ন্যায়ালয়ে এই পৰীক্ষা স্থগিত বা পিচুওৱা নহয় বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে, দুদিন পাছত অৰ্থাৎ ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব গেট ২০২২। ৫, ৬ ফেব্ৰুৱাৰী, ২০২২ত অনুষ্ঠিত হ’ব এই পৰীক্ষা। ইফালে, আইআইটি খৰগপুৰে ইতিমধ্যে ট্ৰেভেল পাছ পৰীক্ষাৰ্থীসকলৰ বাবে উপলব্ধ কৰিছে যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব নালাগে।

Leave A Reply