Breaking

দৰিদ্রতা নির্মূলৰ ৰাষ্ট্রীয় আদর্শ আঁচনি প্রস্তুতৰ নির্দেশ!

0 2,016

ক্ষুধাত মৃত্যুক লৈ কেন্দ্রীয় চৰকাৰে দাখিল কৰা তথ্যত অসন্তুষ্ট উচ্চতম ন্যায়ালয়৷ কেন্দ্রৰ তথ্যক লৈ অসন্তুষ্ট উচ্চতম ন্যায়ালয়ে তীব্র ভাষাৰে ককর্থনা কৰে কেন্দ্রীয় চৰকাৰক৷ বিগত কেইবাবছৰ ধৰি ক্ষুধাত কেৱল এজন লোকৰ মৃত্যু হোৱা বুলি দাখিল কৰা কেন্দ্রৰ তথ্যক লৈ অসন্তুষ্ট সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দুসপ্তাহৰ ভিতৰত ক্ষুধাত মৃত্যুৰ সঠিক তথ্য কেন্দ্র আৰু ৰাজ্য চৰকাৰক দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ কেৱল ক্ষুধাত মৃত্যুৰ তথ্য দাখিল কৰাই নহয়, শীঘ্রেই ক্ষুধা আৰু অপুষ্টিৰ বিৰুদ্ধে তথা দৰিদ্রতা নির্মূলৰ বাবে ৰাষ্ট্রীয় আদর্শ আঁচনিৰ খচৰা প্রস্তুত কৰিবলৈও সর্বোচ্চ ন্যায়ালয়ে কেন্দ্রক নির্দেশ দিয়ে৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা নেতৃত্বাধীন ন্যায়াধীশ এ এছ বোপান্না আৰু হিমা কোহলিৰ বিচাৰপীঠে ক্ষুধাতুৰক লৈ দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি কেন্দ্রীয় চৰকাৰক ককর্থনা কৰাৰ লগতে সঠিক তথ্য দাখিল কৰাৰ লগতে ৰাষ্ট্রীয় আদর্শ আঁচনিৰ খচৰা প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে৷ কেন্দ্রীয় চৰকাৰৰ হৈ এটর্নী জেনেৰেল কে কে বেণুগোপালে দেশত ক্ষুধাত মৃত্যুৰ কোনো চৰকাৰী তথ্য নাই বুলি যুক্তি প্রদর্শন কৰাৰ পাছতেই অসন্তুষ্ট বিচাৰপীঠে কেন্দ্রক ককর্থনা কৰে৷ লক্ষণীয় যে কেন্দ্রীয় চৰকাৰে ২০১৫–১৬ চনৰ ক্ষুধাত মৃত্যুৰ প্রতিবেদনৰ আধাৰত তথ্য উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ পাছতেই বিচাৰপীঠে এটর্নী জেনেৰেল কে কে বেণুগোপালক কয়– যদি ৰাজ্য চৰকাৰসমূহে ক্ষুধাত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য দাখিল কৰা নাই, ইয়াৰ অর্থ এয়েই নেকি যে দেশত ক্ষুধাত কোনো লোকৰ মৃত্যু হোৱা নাই৷ ভাৰত চৰকাৰে শেহতীয়া তথ্যসহ ক্ষুধাত মৃত্যুৰ তথ্য আমাক দিয়া উচিত৷ আপোনালোকৰ বিষয়াক সুধি আমাক তথ্য দিয়ক৷

নির্বাচনৰ সময়ত যদি আপোনালোকে অতিৰিক্ত খাদ্যশস্য যোগানৰ নীতি প্রস্তুত কৰি খাদ্য যোগান ধৰিব পাৰে, তেতিয়াহ’লে ৰন্ধা খাদ্যৰ নীতিও চৰকাৰে কৰিব পাৰে৷ এটর্নী জেনেৰেল বেণুগোপালে দেশত ১৩৪খন আঁচনি চলি থকা বুলি উল্লেখ কৰাত তেওঁৰ যুক্তিক খণ্ডন কৰি মুখ্য ন্যায়াধীশ ৰামানাই কয়– ক্ষুধাত মৃত্যু, ক্ষুধাত ভুক্তভোগী হৈ থকাটো উচিত নহয়৷ এই কথাত আমি প্রাধান্য দিয়া উচিত৷ আপোনালোকে বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ এখন আদর্শ আঁচনি প্রস্তুত কৰক৷ আপোনালোকে আদালতক এই সন্দর্ভত ইংগিত দিয়াৰ পৰিৱর্তে সমাধানৰ ওপৰতহে গুৰুত্ব দিয়া উচিত৷ আপোনালোকৰ চৰকাৰে ক্ষুধা অথবা ভোকক লৈ একো কৰা নাই বুলি আমি কোৱা নাই৷ কিন্তু ৰাষ্ট্রীয়ভাৱে এখন আদর্শ আঁচনি বিবেচনা কৰক, খচৰা প্রস্তুতক কৰক আৰু ইয়াক চূড়ান্ত কৰি ৰাজ্যসমূহক দিয়ক৷ মন কৰিবলগীয়া যে বিচাৰপীঠে ৰাজ্য চৰকাৰসমূহৰ সৈতে আলোচনাৰে ৰাষ্ট্রীয় আদর্শ আঁচনিৰ খচৰা প্রস্তুত কৰাৰ লগতে ক্ষুধাত মৃত্যুৰ সঠিক তথ্য সংগ্রহ কৰিবলৈও পৰামর্শ দিয়ে কেন্দ্রীয় চৰকাৰক৷ উল্লেখ্য যে আন্তর্জাতিক ক্ষুধা সূচক ২০২১ৰ তালিকাত বিশ্বৰ ১১৬খন দেশৰ ভিতৰত ভাৰতে ১০১ নম্বৰ স্থানত আছে৷

২০২০ চনত এই তালিকাত ভাৰতৰ স্থান আছিল ৯৪৷ অর্থাৎ ভাৰতত ক্ষুধাতুৰৰ সংখ্যা বৃদ্ধি পাইছে৷ পৰিতাপৰ বিষয় যে চুবুৰীয়া ৰাষ্ট্র পাকিস্তান, বাংলাদেশ আৰু নেপালৰ তুলনাত ভাৰতত ক্ষুধাতুৰৰ সংখ্যা অধিক৷ এই তথ্যৰ আধাৰতে সমাজকর্মী অনুন ধাৱানসহ অনেকজনে চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল৷ এই আবেদনত দেশজুৰি ক্ষুধাতুৰ লাখ লাখ লোকক খাদ্য যোগান ধৰাৰ বাবেই কমিউনিটী কিট্চেন স্থাপনৰ দাবী জনাইছে৷ বিচাৰপীঠে এই দাবীৰ প্রতি লক্ষ্য ৰাখিয়েই কেন্দ্রীয় চৰকাৰক ৰাষ্ট্রীয় আদর্শ আঁচনিৰ খচৰা প্রস্তুত কৰিবলৈ নির্দেশ দিছে৷

Leave A Reply