Breaking

বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড, নগৰবেৰাৰ বদলাত উত্তাল প্ৰতিবাদ

0 2,054

ৰাজ্যত ধোঁৱাচাঙত বিদ্যুৎ বিভাগ।দক্ষিণ কামৰূপৰ বকো বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ আজৱ কাণ্ডই মূৰে কপালে হাত দিবলগীয়া হৈছে নগৰবেৰাৰ টুপামাৰী, বদলা, ৰাঙ্গাপানী অঞ্চলৰ ৰাইজে। বকো বিদ্যুৎ উপ সংমণ্ডলীয় নগৰবেৰাৰ ৰাঙ্গাপানী, বদলা, টুপামাৰী আদি অঞ্চলত একাংশ বিদ্যুৎ গ্ৰাহকলৈ এমাহৰ বিদ্যুৎ বিল আহিল ২০ ৰ পৰা ৩২ হাজাৰ পৰ্যন্ত। বিভাগীয় কতৃত্বপ্ৰাপ্ত লেচী বিল্লাল হোসাইনৰ মইমতালিৰ বাবেই এনে আজৱ কাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।গ্ৰাহক সকলে নিয়মিত বিদ্যুৎৰ বিল আদায় দি থকাৰ মাজতেই উল্লেখিত গাওঁৰ মেহবুব আলমৰ ২২৬৬১ টকা, আছিয়া খাতুনৰ ২৫৩৮৮ টকা, জয়নাল আব্দিনৰ ৪৮০০ টকা, জাহানাৰা বেগমৰ ৯৪৯৪ টকা, ছামাদ আলীৰ ৮৩৩৫ টকা, আমিৰ উদ্দিনৰ ১২৫০২ টকা, ময়নুল হকৰ  ৩৯৯৩ টকা, মজিদ আলীৰ ৪০২৩ টকা, ছফিউৰ ৰহমানৰ ৫৩২৮ টকা, জেহাৰ আলীৰ ১৬৫০৬ টকা, জাকিৰ আলীৰ ৫৭৪০ টকা, আব্দুল বাৰেকৰ ৩৩২৩ টকা, আৰু আশ্ৰাফুল হুছেইনৰ  ৩২৩৫৪ টকা পৰ্যন্ত বিদ্যুৎ বিল আহে। উপায়বিহীন হৈ বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ বিভাগৰ মইমতালি নচলিব, লেচী বিল্লাল হোসাইন হায় হায় আদি প্ৰতিবাদী শ্ল-গানেৰে ৰাজপথত বিদ্যুৎ বিল হাতত লৈ ভোক্তভোগী গ্ৰাহকে সাৱস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ । বিভাগীয় কৰ্তৃপক্ষক বিষয়টোৰ তদন্তৰ দাবী জনাইছে ভুক্তভোগী গ্ৰহক সকলে।

Leave A Reply