Breaking

গৌৰীপুৰত শক্তি মন্ত্ৰী বিমল বৰা

0 2,077

ধুবুৰী জিলাৰ গৌৰীপুৰত সন্ধিয়া ৬.১০ মান বজাত ৰাজ্যখনৰ শক্তি মন্ত্ৰী বিমল বৰা গৌৰীপুৰস্হ এ ই জি চি এলৰ সহকাৰী ট্ৰেনছমিচন কায্যালয়  আৰু অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত সহকাৰী মহা প্ৰবন্ধকৰ কায্যালয়,গৌৰীপুৰ পৰিদৰ্শন কৰে।আজি মন্ত্ৰী গৰাকীয়ে প্ৰথমে এ ই জি চি এলৰ সহকাৰী কায্যালয়ত উপস্থিত হৈ উক্ত কায্যালয়ে গ্ৰহণ কৰা বিদ্যুতৰ পৰিমাণৰ বুজ লয় আৰু ধুবুৰী জিলাত থকা গ্ৰাহকৰ সংখ্যাৰ অনুপাতে প্ৰয়োজন হোৱা বিদ্যুতৰ পৰিমাণৰ লগতে বিভাগটো সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে এক আলোচনাত মিলিত হোৱা দেখা যায়।এ ই জি চি এলৰ গৌৰীপুৰস্হ কায্যালয়খনে বৰ্তমান পিক সময়ত তথা সন্ধিয়া ৬.০০ বজাৰ পৰা ৮.০০ বজালৈ দৈনিক প্ৰায় ৪৯ ৰ পৰা ৫০ মেঘা ওৱাৰ্ড বিদ্যুৎ লাভ কৰে বুলি জনা গৈছে।কিন্তু উক্ত সময়ত গৌৰীপুৰত প্ৰায় ২৫, ধুবুৰীত প্ৰায় ১০ ,বিলাসীপাৰাত প্ৰায় ১৮,আগমণিত প্ৰায় ৮,গোলকগঞ্জত প্ৰায় ১০ মেগা ওৱাৰ্ডৰ বিদ্যুৎ পিক সময়ত প্ৰয়োজন বুলি জনা গৈছে।লগতে দিনটোৰ আন সময়ত ২৮ ৰ পৰা ২৯ মেঘা ওৱাৰ্ড বিদ্যুৎ লাভ কৰে উক্ত কায্যালয়ে যদিও পয্যায়প্ত নহয় বুলি জনা গৈছে।এই ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কি পদক্ষেপ লয় সেয়াই লক্ষনীয় হব।আনহাতে, মন্ত্ৰী গৰাকীয়ে গৌৰীপুৰস্হ সহকাৰী মহা প্ৰবন্ধকৰ কায্যালয়ত উপস্থিত হৈ বিভিন্ন কামকাজৰ বুজ লোৱাৰ পিছত গৌৰীপুৰস্হ গোৱালপাৰীয়া লোকগীত সম্ৰাঞ্জী প্ৰতিমা বৰুৱা পান্ডেৰ আবাস গৃহ তথা গৌৰীপুৰৰ ৰাজ বাড়ীত উপস্থিত হয়।মন্ত্ৰীৰ উক্ত ভ্ৰমণ সূচীত অসম শক্তি বিতৰণ কোম্পানীৰ অভিজিত শৰ্মা বৰুৱা, বিজয় বড়ো, সুৰজিৎ পাল,বিজেপিৰ দেৱময় সান্যাল,গৌৰীপুৰ বিধায়ক নিজানুৰ ৰহমান আৰু জিলা উপায়ুক্ত অম্বামুথন আদিয়ে উপস্থিত থকা দেখা যায়।

Leave A Reply