Breaking

নলবাৰী মহাবিদ্যালয়ত ভাৰতীয় কলা ইতিহাস কংগ্ৰেছ’ৰ ৩০ তম্ বাৰ্ষিক অধিবেশন, মুখ্য অতিথি হিচাপে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ অংশ গ্ৰহণ… 

0 206

নলবাৰীত ভাৰতীয় কলা ইতিহাস কংগ্ৰেছ’ৰ ৩০ তম বাৰ্ষিক অধিবেশন। নলবাৰী মহাবিদ্যালয় প্ৰাংগনত আজিৰে পৰা ৯ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ভাৰতীয় কলা ইতিহাস কংগ্ৰেছ’ৰ বাৰ্ষিক অধিৱেশন খন ।

“কলাৰ মাধ্যমেৰে কেনেকৈ কলাৰ পৰিবেশ বুজিব পাৰি” এই মূল বিষয় বস্তু লৈ আৰম্ভ হোৱা এই অধিবেশনত দেশৰ ভিন্ন প্ৰান্তৰ ৰাজ্যৰ প্ৰায় এশ গৰাকীতকৈ অধিক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। আনহাতে আজিৰ এই অধিবেশনৰ প্ৰধান দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা।

মন্ত্ৰী গৰাকীয়ে অধিবেশনখন উন্মোচন কৰাৰ লগতে অধিবেশন উপস্থিত শিক্ষাৰ্থী তথা ব্যক্তি সকলৰ উদ্দেশ্য সাৰুৱা ভাষণ প্ৰদান কৰাত পৰিলক্ষিত হয়।

তদুপৰি আজিৰ এই কাৰ্যসূচীত অৱসৰ প্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া ভি.বি. প্যাৰেলাল,নতুন দিল্লীৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ড৹ ৰাকেশ তিৱাৰী সহ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড: কমল নাৰায়ণ পাটোৱাৰী,মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
-ধ্ৰুব জ্যোতি মালাকাৰ

Leave A Reply