Breaking

মৰিয়নিত প্রকাণ্ড গছ ওভলি পৰাত দুটা বিজুলি প্ৰবাহিত খুটা ভঙাৰ লগতে বিদ্যুৎ সেৱা ব্যাহত…

0 188

মৰিয়নি নগৰৰ মাজ মজিয়াত অৱস্থিত পশু চিকিৎসালয় প্ৰাঙ্গণত থকা এটা প্রকাণ্ড গছ ওভলি পৰাত মৰিয়নি থানা তিনি আলিৰ দুটা বিদ্যুৎ পৰিবাহী খুটা বাগৰি পৰা লগতে তাঁৰ পথৰ ওপৰত বহু সময় পৰি থাকে। মৰিয়নি থানা তিনি আলিৰ ঠিক সম্মুখ ভাগত এই প্রকাণ্ড গছ জোপা ওভলি পৰাত বহু সময় পথটো বন্ধ হৈ পৰে। এই বিষয়ে খবৰ পাই নাগাজাংকা এপিডিচিএলৰ কর্মী আহি উপস্থিত হয়।

মৰিয়নি আৰক্ষী, বিদ্যুৎ কর্মী আৰু স্থানীয় ৰাইজ পথৰ ওপৰত পৰি থকা গছজোপা কাটি ৰাস্তা মুকলি কৰে। কালি নৱমী নিশা প্রায় এক বজালৈকে মানুহৰ লানি নিছিগা সমাগম আছিল। সেয়েহে নগৰখনৰ দোকান পোহাৰ নিশা প্রায় দুটা বজালৈকে খোলা আছিল ।আজি প্রায় পুৱা ৬-৩০ বজাত এই ঘটনাটো সংঘটিত হয়। সেই সময়ত মানুহৰ সমাগম একেবাৰেই নাছিল। যাৰ বাবে কোনো ধৰনৰ দুৰ্ঘটনা সংঘটিত নহ’ল।

যদিহে এই দূৰ্ঘটনাটো দিনৰ ভাগত সংঘটিত হোৱা হলে বহু লোকৰ প্ৰাণহানি হোৱাৰ আশংকা আছিল। সেয়া যিকি নহওক এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা মৰিয়নি নগৰ কথমপি ৰক্ষা পৰে।

Leave A Reply