Breaking

টংলাত পাৱাৰগ্ৰীড, ষ্টাৰলিংকৰ মৰণফান্দ! উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ জধে-মধে স্থাপন

0 65

ওদালগুৰি জিলাৰ টংলাত নতুনকৈ স্থাপন কৰা পাৱাৰগ্ৰীড শক্তি বিতৰণ কেন্দ্ৰটোৰ পৰা ক্ৰমে টংলা, কলাইগাঁও,খৈৰাবাৰী, হৰিশিঙা আৰু পানেৰীলৈ নতুনকৈ স্থাপন কৰা ৩৩ কেভি বিদ্যুত সংবহন লাইনকেইটাৰ ফলত মানুহ তথা অন্যজীৱকুলৰ জীৱনলৈ ভাবুকি আনিব পৰা উচ্চতাৰে স্থাপন কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

কেন্দ্ৰটোৰ পৰা টংলা বৈদ্যুতিক উপ- সংমণ্ডললৈ সংযোজিত একমাত্ৰ লাইনটোৰ বাহিৰে আন চাৰিটা লাইন কৃষকৰ ম্যাদী মাটিত যেনিতেনি খুঁটা পুতি আৰু কলগছৰ পাত লাইনত স্পৰ্শ কৰা উচ্চতাৰে স্থাপন কৰাৰ লগতে টংলাৰ পৰা পানেৰি লৈ সংযোজন হোৱা লাইনটোৰ চমুৱাপাৰা,পুখৰিপাৰা,ৰতনপুৰ,খাটলপাৰা ইত্যাদি ঠাইত সাধাৰণ লোকৰ ঘৰৰ চোতালৰ মাজেৰে কম উচ্চতাৰে উচ্চ ক্ষমতাসম্পন্ন পৰিবাহী তাৰ সংযোজন কৰি এতিয়া ৰাইজৰ জীৱনলৈ প্ৰতিনিয়ত ভাবুকি কঢ়িয়াই আনিছে ।

এক কথাত মৰণফান্দ, কিয়নো যিকনো মহুৰ্তত  দূৰ্ঘটনা পতিত হ’ব পাৰে।ৰাইজে জনোৱা অনুসৰি নিৰ্মাণ কৰি থকা অৱস্থাতে বাৰম্বাৰ ঠিকাদাৰ তথা বিভাগীয় কৰ্মচাৰীসকলক সেই ঠাইলে পৰিবাঁহী তাৰ নিবলে মানা কৰিছিল, লগতে উচ্চতাক লৈয়ো অভিযোগ আনিছিল যদিও কনো কানসাৰ নিদিয়াকৈ জধে-মধে খুটা পুতি তাৰ সংযোজন কৰি থৈ যোৱাত সাধাৰণ ৰাইজ এতিয়া উপায়ন্তৰ হৈ পৰিছে।

সেয়েহে কম দিনৰ ভিতৰ চালিত হোৱাৰ সম্ভাৱনা থকা লাইন কেইটাৰ ঠিকাদাৰ কলিকতাৰ ষ্টাৰলিংক প্ৰতিষ্ঠানৰ  মহোদয়ক এই  কোম্পানীৰ জীৱন্ত মৰণফান্দৰ ৰূপ ল’বলৈ আগবঢ়া উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰসমূহ নিৰ্দিষ্ট উচ্চতাত স্থাপন কৰাৰ ব্যৱস্থা কৰাৰ বাবে ৰাইজে দাবী জনাইছে ৷

Leave A Reply