Breaking

প্ৰভাস-কৃতিৰ ছবি ‘আদিপুৰুষ’এ চেঞ্চৰ ব’ৰ্ডৰ পৰা লাভ কৰে ‘U’ চাৰ্টিফিকেট। অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমলৈ দহ হাজাৰ টিকট বিনামূলীয়াকৈ প্ৰদান কৰিব…

0 129

প্ৰভাস-কৃতিৰ ছবি ‘আদিপুৰুষ’এ সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে। একে সময়তে এই ছবিখনে এতিয়া চেঞ্চৰ ব’ৰ্ডৰ পৰাও ‘U’ চাৰ্টিফিকেট লাভ কৰিছে। ওম ৰাউতৰ ছবি ‘আদিপুৰুষ’ এই বছৰৰ অন্যতম প্ৰত্যাশিত ছবি। মুক্তিৰ পূৰ্বেও ছবিখনে বহু শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ছবিখনৰ একচন ট্ৰেইলাৰ মুকলি কৰা হৈছে যিয়ে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। একে সময়তে কৃতি ছানন, প্ৰভাস আৰু ছেইফ আলী খান অভিনীত এই ছবিখনেও চেঞ্চৰ ব’ৰ্ডৰ পৰা ‘U’ চাৰ্টিফিকেট লাভ কৰিছে।

আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ‘আদিপুৰুষ’ৰ কাউণ্টডাউন। এই ছবিখনক লৈ এতিয়া নিৰ্মাতাসকলে ঘোষণা কৰিছে যে কেন্দ্ৰীয় চলচ্চিত্ৰ চাৰ্টিফিকেশন ব’ৰ্ডে আনুষ্ঠানিকভাৱে ‘U’ চাৰ্টিফিকেট প্ৰদান কৰিছে। হিন্দী ভাষাত ছবিখনৰ ৰান টাইম ১৭৯ মিনিট। আদিপুৰুষৰ প্ৰাৰম্ভিক টিজাৰে ইয়াৰ দুৰ্বল ভিএফএক্সৰ বাবে নেতিবাচক সঁহাৰি লাভ কৰাৰ বিপৰীতে নতুন আৰু ট্ৰেইলাৰটোৱে দৰ্শক আৰু সমালোচকৰ পৰা একেদৰেই ইতিবাচক মন্তব্য লাভ কৰিছে। ছবিখনৰ ব্যাপক প্ৰচাৰৰ মাজতে তেলেগু ৰাজ্যসমূহৰ টলিউডৰ ছবি নিৰ্মাতা অভিষেক আগৰৱালাই ঘোষণা কৰিছে যে তেওঁৰ দলটোৱে তেলেংগানাৰ সকলো চৰকাৰী বিদ্যালয়, অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমলৈ ১০,০০০ত কৈও অধিক টিকট বিনামূলীয়াকৈ প্ৰদান কৰিব।

‘আদিপুৰুষ’ক এতিয়ালৈকে সৰ্বাধিক ব্যয়বহুল ভাৰতীয় ছবি বুলি কোৱা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ বাজেট ৪০০ৰ পৰা ৫০০ কোটি হ’ব বুলি অনুমান কৰা হৈছে। ছবিখনৰ ষ্টাৰ কাষ্টৰ কথা ক’বলৈ গ’লে মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মিত এই পৌৰাণিক নাটকখনত কৃতি ছানন, প্ৰভাস, ছৈইফ আলী খান, ছানী সিংকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ছবিখনৰ সংগীত ৰচনা কৰিছে চিত বলহাৰা আৰু অংকিত বলহাৰা, ইয়াৰ চাউণ্ডট্ৰেক সুৰ কৰিছে অজয় ​​অতুল আৰু সচেত পৰমপাৰাৰ।১৬ জুনত ছবিগৃহত মুক্তি পাব এই ছবিখন।

Leave A Reply