Breaking

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত উৎকোচ ৱাৰ্ড সদস্যৰ

0 581

ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ হিতাতিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত উৎকোচ ৱাৰ্ড সদস্যৰ॥ক’ত হেৰাল শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰৰ দূৰ্নীতিবিৰোধীৰ কথা কোৱা নেতা- পালিনেতা?


ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী অভিযান ঔষধে যেন কাম নকৰা হৈছে।মুখ্যমন্ত্ৰী গৰাকীয়ে যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে, সিমানেই এচাম দালালৰূপী পঞ্চায়ত প্ৰতিনিধি নামি পৰিছে দুৰ্নীতিৰ অগাধ প্ৰতিযোগিতাত।শেহতীয়াকৈ নগাঁও জিলাৰ কঠিয়াতলি উন্নয়ণখণ্ডৰ অন্তৰ্গত মাধৱপাৰা গাওঁ পঞ্চায়তৰ দুই নং ৱাৰ্ডত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত সংগঠিত হৈছে ব্যাপক দুৰ্নীতি । হিতাতিকাৰীৰ নামত পঞ্জীয়ন হোৱা গৃহৰ ধন আত্মহাত কৰি দুই নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্য আবু তাহেৰ নিজেই ধন সংগ্ৰহ কৰাত নামি পৰিছে। পঞ্চায়ত সচিব , সভাপতি আৰু গাণনিক বিষয়াই সকলো ধৰণৰ চৰকাৰী আঁচনিৰ কাম তদাৰক কৰে কেনেকৈ ?

কাৰ আৰ্শীবাদত ৱাৰ্ড সদস্য আবু তাহেৰে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছে । এক প্ৰকাৰ ক’বলৈ গ’লে হিতাদিকাৰীৰ নামত পঞ্জীয়ন ‌হোৱা গৃহ চৰকাৰৰ সকলো নিয়ম-নীতি ভৰিৰে মোহাৰি চলাহি কথাৰে এনে ধুৰন্ধৰ প্ৰতিনিধিৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য শসনশীলতাৰ কথা কৈ থকা শাসনাষ্ঠিত ৰাজ্য চৰকাৰে সঠিক তদন্ত কৰি ,এই দুৰ্নীতিৰ লগত জড়িত হৈ থকা জনপ্ৰতিনিধিক চিনাক্ত কৰি এই দুৰ্ভগীয়া হিতাদিকাৰীজনক ন্যায় দিব পাৰিবনে?যদি ন্যায় দিব নোৱাৰে তেন্তে হিতাধিকাৰীজনৰ কাৰণে চৰকাৰৰ দূৰ্নীতি বিৰুধী শ্লোগান হৈ পৰিব-“আকাশত চাংপতা” অসমীয়া ফকৰা যোজনাৰ দৰে।

Leave A Reply