Breaking

প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনত ঘৰীয়ালৰ চকুপানী টুকে : মন্ত্ৰী পীযুষ হাজৰিকা…

0 12

ৰহাত মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ। আজি ৯ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ৰহাৰ দক্ষিনপাট, হাতীচোং, মনিপুৰটোপ, মাগুৰগাঁও, গেৰজাইপাম আদিত ব্যাপক প্ৰচাৰ চলাই। পুৱা মৰিগাঁও সমষ্টিৰ প্ৰচাৰ আৰম্ভ কৰা মন্ত্ৰী হাজৰিকাই দক্ষিণপাটৰ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি কয় – প্ৰদ্যুৎ বৰদলৈ অকমন্য লোক। মাৰ্ঘেৰিটাৰ আহি নগাঁৱত ভাড়াঘৰ আৰু হোটেলত থাকি নিৰ্বাচনত উঠিছে আৰু জয়ী হৈ ভুমিকিও নাপাৰে। তেনে প্ৰাৰ্থীক ভোট দি লাভ নাই। নিবাৰ্চনৰ সময়ত ৰাইজৰ কাষলৈ আহি ঘৰীয়ালৰ চকুপানী টুকে। সভাত অখিল গগৈক সতৰ্ক কৰি কয়-


মুছলমানৰ ভোট নালাগে বুলি কোৱা পীয়ুষ- হিমন্তই এতিয়া মুছলমানৰ শৰণাপন্ন হৈছে বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ বিৰুদ্ধে পীয়ুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া যিহেতু আমি উন্নয়ন সকলোৱে কৰিছোঁ, গতিকে সকলোৱে পৰা ভোট বিচাৰিছো ৷ বিজেপিলৈ মুছলমানৰ সহাৰি দেখি ভয়ত কম্পমান হৈ লেপৰ তলত সোমাব লগা হৈছে লুৰিণ, অখিল ৷ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে পীয়ুষ হাজৰিকাক লৈ লিখা কবিতাক অকমণ্য কবি আখ্যা পীয়ুষ হাজৰীকাৰ। সকলো কবি নহয় ৰাজনৈতিকভাৱে কেইজনমান অকমণ্য কবিয়ে লিখা কবিতাক কোনেও গুৰুত্ব নিদিয়ে বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

আনহাতে বিয়লি ৰহাৰ মাগুৰগাৱত অনুষ্ঠিত এখন বিজেপিৰ অংশগ্ৰহণ কৰে মন্ত্ৰী হাজৰিকাই । লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুত্বত ৰহা ব্লক কংগ্ৰেছত বৃহৎ খহনীয়া। ৰহা ব্লক কংগ্ৰেছ আৰু কঠিয়াতলী ব্লক কংগ্ৰেছত মোক্ষম আঘাত হানি ৰহা ব্লক কংগ্ৰেছৰ বহু নেতা-কৰ্মীয়ে মন্ত্ৰী পীযুষ হাজৰিকাৰ ওচৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। ৰহা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জনাৰ্দন শইকীয়া,মাগুৰগাও পঞ্চায়তৰ সভাপতি মাইনুল হক, ৰহা যুৱ কংগ্ৰেছৰ সভাপতি ক্ষীৰোদ লস্কৰ, প্ৰাক্তন আঞ্চলিক সদস্য নজৰুল হক, কংগ্ৰেছ দলৰ প্ৰবীণ নেতা ওমৰ আলী, কঠিয়াতলী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ওমৰ আলী মোক্তাৰ হুছেইন, আব্দুল কালাম আদিৰ নেতৃত্বত ছয় শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে। ছয় শতাধিক কংগ্ৰেছ নেতা কৰ্মীৰ যোগদানৰ ফলত ৰহা ব্লক কংগ্ৰেছ শূণ্য হ’ব বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই।

Leave A Reply