Breaking

‘প্ৰাগ নিউজ’ৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণক সম্বৰ্ধনা সদৌ অসম বাতৰিকাকত সংস্থাৰ; অসমৰ বাতৰি কাকতগোষ্ঠীসমূহে সন্মুখীন হোৱা সমস্যাকলৈ বিস্তৃত আলোচনা…

0 504

সদৌ অসম বাতৰিকাকত সংস্থাৰ প্ৰতিনিধি দল এটাই আজি উলুবাৰীস্থিত ‘প্ৰাগ নিউজ’ৰ মুখ্য কাৰ্যালয়লৈ গৈ ‘প্ৰাগ নিউজ’ৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণক উষ্ম সম্ভাষণ জনায়। ৰাজ্যত বাতৰি কাকত উদ্যোগৰ মহঙা দিনতো সাসৰ পৰিচয় দি সঞ্জীৱ নাৰায়ণে অসমৰ এটি অতি পুৰণি ঐতিহ্যমণ্ডিত বাতৰি কাকত গোষ্ঠী ‘দৈনিক জনমভূমি’ৰ অংশীদাৰিত্ব গ্ৰহণ কৰাৰ বাবে সদৌ অসম বাতৰিকাকত সংস্থাই সঞ্জীৱ নাৰায়ণক অভিনন্দন জ্ঞাপন কৰে।

সদৌ অসম বাতৰিকাকত সংস্থাৰ সভাপতি ৰাকেশ শৰ্মা, সাধাৰণ সম্পাদক তথা ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোঁহাঞি,‘প্রাতঃ খবৰ’ৰ নিতুল শৰ্মা, কুমুদ নাথ, কল্যাণ মিশ্ৰ আদিৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ দলটোৱে সঞ্জীৱ নাৰায়ণৰ সৈতে অসমৰ বাতৰি কাকত উদ্যোগে মুখামুখী হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰে।

ভৱিষ্যতেসঞ্জীৱ নাৰায়ণৰ দৰে ব্যক্তিৰ উপস্থিতিত অসমৰ বাতৰিকাকত সমূহে মুখামুখি হোৱা সমস্যাৰ সঠিক সমাধান সূত্ৰ উলিয়াব পৰা যাব বুলি প্ৰতিনিধিৰ দলটোৱে আশা ব্যক্ত কৰে।

এইক্ষেত্ৰত সঞ্জীৱ নাৰায়ণে সদৌ অসম বাতৰিকাকত সংস্থাক সকলোধৰণেসহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। তেওঁ কয় যে অসমত বাতৰি কাকতৰ ভৱিষ্যত কেতিয়াও বেয়া নহয়, অসমৰ জনতাই বাতৰি কাকত পঢ়িবই বুলিও তেওঁ আশা প্ৰকাশ কৰে।

সদৌ অসম বাতৰি কাকত সংস্থাৰ প্ৰতিনিধিৰ দলটোৱে নিউজ প্ৰিণ্টৰ মূল্যবৃদ্ধি-ছপা সামগ্ৰীৰ বৰ্ধিত মূল্যৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বিজ্ঞাপন বৃদ্ধি আৰু নিৰিখ বৃদ্ধিৰ বিষয়টোকলৈও নাৰায়ণৰ সৈতে আলোচনা কৰে।


অসমৰ বাতৰি কাকতসমূহৰ সন্মিলিত সংস্থা ‘সদৌ অসম বাতৰি কাকত সংস্থা’ত ৰাজ্যৰ প্ৰায় সংখ্যক বাতৰি কাকতৰে ব্যক্তি জড়িত হৈ আছে। উল্লেখ্য বিশ্বজুৰি ক’ভিড-১৯ ৰ সংক্ৰমণ আৰু লকডাউনৰ পিছত সৃষ্টি হোৱা অর্থনৈতিক সংকটৰ লগতে সকলো ধৰণৰ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে নিয়মীয়াভাৱে দৈনিক প্রকাশিত হৈ থকা কাকতসমূহৰ প্রচলন আৰু ছপা কাৰ্য বৰ্তাই ৰাখিবলৈ কৰ্তৃপক্ষ অসুবিধাৰ সন্মুখীন হৈ আহিছে।

এই কাকতসমূহত বহুসংখ্যক নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দি নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। লগতে সমাজৰ সকলো শ্ৰেণীৰ বেছিসংখ্যক পাঠকক স্পৰ্শ কৰি আহিছে। ভাষা জননীৰ প্ৰতি সেৱা আগবঢ়াই অহা সংবাদ পত্ৰসমূহে একাংশ নিয়মীয়া লেখক, সাংবাদিক, সাহিত্যিক সৃষ্টি কৰাতো সহায় কৰিছে। ইয়াৰ মাজতে নিউজ প্ৰিণ্ট, চিঁয়াহী আৰু অন্যান্য ছপা সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি ঘটিছে।

ফলত দৈনিক কাকতসমূহ অর্থনৈতিক সংকটত পৰিছে। বৰ্তমান চৰকাৰে যি নিৰিখত কাকতসমূহক বিজ্ঞাপন দিয়ে সেয়া অতি নিম্ন হাৰত লাভ কৰে বুলি সংস্থাই অৱগত কৰিছে।

এই বিষয়টো আগত ৰাখি কাকতসমূহৰ প্রতি সুদৃষ্টি ৰখিবলৈ আৰু বিজ্ঞাপনৰ হাৰ বৃদ্ধি কৰিবৰ বাবে চৰকাৰক আজি পুনৰবাৰ প্ৰতিনিধিৰ দলটোৱে আহ্বান জনায়।

Leave A Reply