Breaking

সাহিত্যৰ শিতানত দীপাঙ্কৰ ওজালৈ প্ৰাগজ্যোতিষ বঁটা-২০২১

0 57

১৯ নৱেম্বৰ শুক্ৰবাৰে গুৱাহাটী উজানবজাৰস্থিত বিষ্ণু-নিৰ্মলা ভৱনত প্ৰদান কৰা হ’ল ২০২১ বৰ্ষৰ প্ৰাগজ্যোতিষ বঁটা। অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানত প্ৰদান কৰা হ’ল এই বঁটা। আচুৰ্য বৰপাত্ৰ আৰু প্ৰিয়ংকা ভৰালীলৈ প্ৰদান কৰা হ’ল প্ৰাগজ্যোতিষ জনপ্ৰিয় কন্ঠশিল্পীৰ সন্মান। সমান্তৰালকৈ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যুৱক দীপাঙ্কৰ ওজাক প্ৰদান কৰা হ’ল প্ৰাগজ্যোতিষ যুৱ সাহিত্য বঁটা- ২০২১। দীপাঙ্কৰ ওজা মঙলদৈ মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ লগতে মঙলদৈ মহাবিদ্যালয় আছু গোটৰ সভাপতি। কলাইগাঁও নিবাসী দীপাঙ্কৰ ওজা ওদালগুৰি জিলা ছাত্ৰ সন্থাৰো এগৰাকী সদস্য লগতে অসমৰ তাৰ্কিক সমাজৰ মাজত জনপ্ৰিয় সদৌ অসম তাৰ্কিক সন্থাৰো এগৰাকী সক্ৰিয় সদস্য। ছাত্ৰ সমাজক সংগঠিত কৰি বিভিন্ন উন্নয়নমূলক সামাজিক কাম-কাজত নিয়োগ কৰাত দীপাঙ্কৰ ওজাই দীৰ্ঘদিন ধৰি পদক্ষেপ লৈ‌ আহিছে। অসম ভিত্তিক কেইবাখনো তৰ্ক প্ৰতিযোগিতাত তেখেতে পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে। কাকতে পত্ৰই ইতিমধ্যে দীপাঙ্কৰ ওজাৰ বহুসংখ্যক লেখা প্ৰকাশ পাইছে। তেখেতৰ এই উত্তৰণক লৈ উৎসাহিত কলাইগাঁওবাসী। আজি বঁটা প্ৰদান অনুষ্ঠানতো তেখেতক সংগ দিয়ে তেখেতৰ কেইবাগৰাকীও ঘনিষ্ঠ বন্ধুৱে।

Leave A Reply