Breaking

প্ৰাৰ্থনা কৰিছো যাতে কংগ্ৰেছে কমেও ৪০ খন আসন দখল কৰিব পাৰেঃ ৰাজ্যসভাত মোদী…

0 17

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসভাত ভাষণ দিয়ে। মোদীয়ে তেওঁৰ ভাষণত পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কঠোৰভাবে সমালোচনা কৰা পৰিলক্ষিত হয়। মোদীয়ে দাবী কৰে যে কংগ্ৰেছ দলে এতিয়া “উত্তৰ-দক্ষিণৰ বিভাজন” সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। মোদীয়ে কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ ‘৪০০ অতিক্ৰম কৰিম’ ভাষণৰ প্ৰত্যুত্তৰ দি কয় যে কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৪০ খন আসন লাভ কৰিব পাৰিবনে নাই তাকেলৈ সন্দেহ আছে। কংগ্ৰেছে ৪০ খন আসনো লাভ কৰিব নোৱাৰিব বুলি তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী কিছুদিন পূৰ্বে উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে মমতাৰ সুৰতে সুৰ কয় যে কংগ্ৰেছে ৪০ খন আসনো লাভ কৰাৰ আশা নাই। মোদীয়ে তেওঁৰ ভাষণত কয় যে বি আৰ আম্বেদকাৰে কেৱল তেতিয়াহে ভাৰত ৰত্ন লাভ কৰিছিল যেতিয়া কেন্দ্ৰত বিজেপিৰ সমৰ্থন থকা চৰকাৰ গঠন কৰা হৈছিল। কিন্তু কংগ্ৰেছৰ চৰকাৰে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক দলিত, পিছপৰা আৰু জনজাতীয় লোকৰ বিৰুদ্ধে কাম কৰা দল বুলি অভিযোগ কৰে৷ উল্সেখ্য কংগ্ৰেছ বংগত মিত্ৰজোঁটত আছে। ইণ্ডিয়া মিত্ৰজোঁটৰ ‘সহযোগী’ তৃণমূলে কংগ্ৰেছক দুখনতকৈ অধিক আসন এৰি দিবলৈ ইচ্ছুক নহয়। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘কটা ঘাঁত নিমখ’ ঢালি মমতা বেনাৰ্জীৰ সুৰতে সুৰ মিলাই কৈছে “কংগ্ৰেছে দেশৰ ৪০ খন আসনতো জিকিব পাৰিবনে তাত সন্দেহ আছে”।

কিছুদিন পূৰ্বে আসন ভাগ-বতৰাৰ বিষয়টোক লৈ মমতাই শতিকা প্ৰাচীন দলটোক আক্ৰমণ কৰিছিল। মমতাই কৈছিল “কংগ্ৰেছ, মই নাজানো আপোনালোকে ৪০ খন আসন পাব নে নাই,যদিও সমগ্ৰ ভাৰততে ৩০০ খন আসনত কংগ্ৰেছে যুঁজ দিব। ’’প্ৰধানমন্ত্ৰীয়ে বিৰোধী ঐক্যৰ অন্যতম মুখ মমতাৰ সুৰতে সুৰ মিলাই কয় “কংগ্ৰেছে বংগত ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কোৱা হৈছে যে তেওঁলোকে সমগ্ৰ দেশতে ৪০ খন আসন পাব নে নাই সন্দেহ আছে। “মই প্ৰাৰ্থনা কৰিছো যাতে কংগ্ৰেছে কমেও ৪০ খন আসন দখল কৰিব পাৰে।”

Leave A Reply