Breaking

গোগামুখ জ্ঞানজ্যোতি একাডেমীত প্ৰাক্‌ ভোগালী মেলা-বিজ্ঞান সমাৰোহ

0 51

ধেমাজি জিলাৰ গোগামুখৰ ব্যক্তিগতখণ্ডৰ চি বি এছ ইৰ একমাত্ৰ শিক্ষানুষ্ঠান গোগামুখ জ্ঞানজ্যোতি একাডেমীত ভোগালী বিহু উপলক্ষে প্ৰাক্‌ ভোগালী মেলা আৰু বিজ্ঞান সমাৰোহ শনিবাৰে অনুষ্ঠিত হৈ যায় ৷ জ্ঞানজ্যোতি চ’ছাইটিৰ উদ্যোগত আৰু  গোগামুখ জ্ঞানজ্যোতি একাডেমীৰ সহযোগত  বৰ্ণিল কাৰ্যসূচীৰে  জ্ঞানজ্যোতি একাডেমীৰ চৌহদত অনুষ্ঠিত হোৱা  উক্ত প্ৰাক্‌ ভোগালী মেলা আৰু বিজ্ঞান সমাৰোহত ৩৪ খন বিজ্ঞানৰ বিপনী, বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্যমেলা, বস্ত্ৰ মেলা, ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা নিৰ্মিত বাছকবনীয়া সামগ্ৰী আদিৰ লগতে বিভিন্ন জাতি-জনজাতিৰ নৃত্য-গীত প্ৰদৰ্শন কৰা হয় ৷

দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতিয়ে জ্ঞানজ্যোতি একাডেমীৰ সমগ্ৰ চৌহদত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ অনুষ্ঠানত আদৰণি ভাষণ  দি জ্ঞানজ্যোতি একাডেমীৰ পৰিচালন সঞ্চালক খেম বাহাদূৰ প্ৰধানে কয় যে, বিজ্ঞানে আজি আকাশলংঘী সফলতা লাভ কৰিছে ৷ বিজ্ঞান অবিহনে আজিৰ পৃথিৱী নিস্তেজ, গতিহীন ৷ বিজ্ঞানৰ দ্ৰুত গতিয়ে মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াও সলনি কৰিছে ৷ আমি জ্ঞানজ্যোতি একাডেমীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে আৰু বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি অধিক আকৰ্ষিত কৰিবৰ বাবে প্ৰাক্‌ ভোগালী মেলাৰ লগত সংগতি ৰাখি বিজ্ঞান সমাৰোহ আয়োজন কৰিছোঁ ৷ ইয়াত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান, কলা, প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন জাতি-জনজাতিৰ খাদ্যসম্ভাৰ, বস্ত্ৰসম্ভাৰ, কৃষ্টি-সংস্কৃতি, নৃত্য গীত প্ৰদৰ্শন কৰিছে  বুলি তেওঁ দোহাৰে ৷

প্ৰাক্‌ ভোগালী মেলা আৰু বিজ্ঞান সমাৰোহ উদ্বোধন কৰে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শইকীয়াই ৷  দুপৰীয়া ১২ বজাত জ্ঞানজ্যোতি একাডেমীৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ শৰ্মাই ৷ 

অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া,  কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্য ৰাজু পেগু, সহকাৰী শিক্ষক জীৱন শৰ্মা আদিয়ে ৷

অনুষ্ঠানত জ্ঞানজ্যোতি একাডেমীৰ পৰা ধাৰাবাহিকভাৱে সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু লেপটপ প্ৰদান কৰা হয় ৷ জ্ঞানজ্যোতি একাডেমীৰ এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ৷

Leave A Reply