Breaking

গৰ্ভৱতী স্বৰা ভাস্কৰ, বিবাহৰ তিনিমাহৰ পিছত বেবী বাম্প প্ৰদৰ্শন, অভিনন্দনেৰে ওপচাই পেলাইছে…

0 47

গৰ্ভৱতী স্বৰা ভাস্কৰ, বিবাহৰ তিনিমাহৰ পিছত বেবী বাম্প প্ৰদৰ্শন, অভিনন্দনেৰে ওপচাই পেলাইছে…। শীঘ্ৰে মাতৃ হ’বলৈ গৈ আছে বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি গৰ্ভধাৰণৰ কথা ঘোষণা কৰি তেওঁ নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰিছে। বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে তিনিমাহ পূৰ্বে সমাজবাদী পাৰ্টিৰ নেতা ফাহাদ আহমেদৰ সৈতে এক অন্তৰংগ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল। তেতিয়াৰ পৰা অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ ভাল খবৰৰ বাবে অপেক্ষা কৰি আছিল। অৱশেষত স্বৰাই ঘোষণা কৰিছে যে তেওঁ মাতৃ হ’বলৈ ওলাইছে। ছচিয়েল মিডিয়াত পোষ্ট কৰি গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে অভিনেত্ৰীগৰাকীয়ে। আনহাতে, স্বৰাই এই ভাল খবৰটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীয়ে অভিনন্দন জনাইছে।

স্বৰাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এখন ছবিৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে। ফটোখনত স্বামী ফাহাদৰ সৈতে দেখা গৈছে স্বৰাক। গোলাপী ৰঙৰ সাজ-পোছাক পিন্ধিছে য’ত তেওঁৰ বেবী বাম্প স্পষ্টকৈ দেখা গৈছে। স্বৰা ভাস্কৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰাৰ লগে লগে সকলো চেলিব্ৰিটি আৰু অনুৰাগীৰ পৰা বহু অভিনন্দন লাভ কৰিছে।

Leave A Reply