Breaking

চিলাপথাৰৰ শ্ৰী শ্ৰী ঘাৰমৰা আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ গোস্বামীৰ দেহাৱসানঃ অসংখ্য গুণমুগ্ধই জনালে শেষ শ্ৰদ্ধাঞ্জলি

0 122

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৰ মালিনী পুৰ পঞ্চায়তৰ মাদুৰিপথাৰস্থিত শ্ৰীশ্ৰী ঘাৰমৰা আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ গোস্বামী আৰু আমাৰ মাজত নাই।

মঙলবাৰে নিশা প্ৰায় এক বাজি বিশ মিনিটত নিজা বাস ভৱনতে মহাপ্ৰয়াণ ঘটে ৯১ বছৰীয়া সত্ৰাধিকাৰ জনৰ। উচ্চ শিক্ষাৰে শিক্ষিত সত্ৰাধিকাৰ জনে ১৯৭২ চনত চিলাপথাৰলৈ আহি এই মাদুৰিপথাৰতে বৈষ্ণৱ ধৰ্ম-সংস্কৃতি প্ৰচাৰৰ বাবে প্ৰতিষ্ঠা কৰে শ্ৰীশ্ৰী ঘাৰমৰা আদৰ্শ সত্ৰখন। সত্ৰ স্থাপন কৰি বৈষ্ণৱ নাম ধৰ্ম প্ৰচাৰতে ক্ষান্ত নাথাকি চুবুৰীয়া অৰুনাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত নামঘৰ স্থাপন কৰি অলেখ অৰুনাচলী লোকক দিক্ষা দান কৰে।

কেৱল সেয়াই নহয় চিলাপথাৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো ওতঃপ্ৰোতভাবে জড়িত হৈ আছিল সদ্য প্ৰয়াত সত্ৰাধিকাৰগৰাকী। পাহাৰ ভৈয়ামত বৈষ্ণৱ নাম ধৰ্ম প্ৰচাৰত অহোপুৰুষাৰ্থ কৰি গল আজীৱন।

তদুপৰি তেওঁ নিজ হাতে স্থাপন কৰি গৈছে বহু শিক্ষানুষ্ঠান। স্থাপন কৰি গ’ল কেইবাখনো মহাবিদ্যালয়। আমৃত্যু পৰ্যন্ত বিভিন্ন সামাজিক কাজৰ সৈতে জৰিত হৈ থকা বৰেণ্য সমাজ কৰ্মী তথা সত্ৰাধিকাৰ জনৰ মহাপ্ৰয়াণত অভিভাৱকহীন হৈ পৰিল ঘাৰমৰা আদৰ্শ সত্ৰ।

সত্ৰাধিকাৰগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে বুধবাৰে পুৱা অসংখ্য গুণমুগ্ধ, শিষ্য-প্ৰশিষ্যই ভিৰ কৰেহি ঘাৰমৰা সত্ৰৰ চৌহদত। শিষ্য-প্ৰশিষ্য সকলৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত সত্ৰাধিকাৰ গৰাকী হৈছে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান সদস্য সচিব গীতাৰ্থ গোস্বামীৰ পিতৃ। পিতৃক হেৰুৱাই আবেগিক হৈ পৰিল গোস্বামী।

মৃত্যুৰ সময়ত তেখেত নিকটাত্মীয়ক বহুলোকক এৰি থৈ গৈছে। বিভিন্ন প্ৰান্তৰ সত্ৰাধিকাৰ, আত্মীয়, স্বজন ভকত বৈষ্ণৱ সকলৰ উপস্থিতিত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে সত্ৰৰ চৌহদতে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।


ইফালে সত্ৰাধিকাৰ গৰাকীৰ মহাপ্ৰয়াণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুৱন পেগুয়ে টুইটাৰ যোগে শোক প্ৰকাশ কৰে। লগতে ধেমাজি জিলা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ, চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম গগৈ, সম্পাদক পাপলু গগৈ, বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাবৰ সভাপতি বনমালী মহন্ত, ভাৰপ্ৰাপ্ত সম্পাদক শম্ভু দাস, কবি ভুবন দাস, বাঙালী যুব ছাত্ৰ ফেডাৰেশ্যন ধেমাজি জিলাৰ সভাপতি ধৰ্মেন্দ্ৰ দাস, সম্পাদক ভদ্ৰ দাস, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিৎ শইকীয়া, সাৰথিৰ সচিব মনোজ কুমাৰ দাস, মাৰোৱাৰী যুৱ মঞ্চৰ পবন জৈন, আনিছু ৰ কাৰ্যনিৰ্বাহ সদস্য সুজিৎ নাথ, গবেষক ড° উত্তম দাস, আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, যুব ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মা, আগছুৰ ধেমাজি জিলাৰ সভাপতি সোমৰাজ পুৰী কেধৰি বহু দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
-শম্ভু দাস, চিলাপথাৰ

Leave A Reply