Breaking

ওদালগুৰি উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি সমিতি গঠন

0 2,053

 ২৭ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখনি অহা নবেম্বৰত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি উপলক্ষে  ৯ অক্টোবৰত  ওদালগুৰি কলেজ প্ৰেক্ষাগৃহত ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়।ওদালগুৰি জিলা ক্ৰীড়া সন্থা আৰু ওদালগুৰি জিলা এবচুৰ যুটীয়া উদ্যোগত আয়োজন কৰা সভাত অহা নবেম্বৰত মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰিবলৈ সিন্ধান্ত গ্ৰহণ কৰি বিটিচিৰ উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীক মুখ্য পৃষ্ঠপোষক,  ৰিহন দৈমাৰীক সভাপতি,ত্ৰিদীপ দৈমাৰীক উপ-সভাপতি  আৰু পৌৰ সভাৰ সভাপতি ৰাকেশ বড়োক মুখ্য আহ্বায়ক হিচাপে লৈ এখনি খেল পৰিচালনা সমিতি গঠন কৰা হয় আৰু পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰিবলৈ  ৭ খনকৈ উপ সমিতি গঠন কৰা হয়।

Leave A Reply