Breaking

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত…

0 69

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ সুচাৰুৰূপে উদযাপন কৰাৰ উদ্দেশ্যে অসম যুৱ আয়োগৰ সদস্য তথা উদযাপন সমিতিৰ সভাপতি ৰাতুল শৰ্মাৰ নেতৃত্বত উদযাপন সমিতিৰ এটি দলে কালি সুৰেন দাস মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয়।

অহা ০৮ জানুৱাৰী ২০২৩ তাৰিখে সুৰেন দাস মহাবিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত সুৰেন দাস‌ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ শৰ্মাই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা ব্যক্ত কৰে।

এই আলোচনাচক্ৰত কাৰ্যকৰী সভাপতি শৰৎ নায়ক, সম্পাদক দিপাংকৰ মজুমদাৰ, নগেন মালাকৰ নীলকান্ত দাস, পৰমী দাস, বীৰেন্দ্ৰ কুমাৰ দাস, আছু নেতা নৱজ্যোতি দাস, মনোজ মেধি, ভৱানন্দ আঠপৰীয়া, ধ্ৰুৱজ্যোতি দাস, বিজিত মালাকৰ, ধ্ৰুৱজ্যোতি মালাকৰ, পংকজ শৰ্মা, নৱ শৰ্মা, মৃণাল কুমাৰ দাস আদি উপস্থিত থাকে। বৈঠকৰ অন্তত উদ্বোধনী অনুষ্ঠান হ’বলগীয়া খেলপথাৰখন পৰিদৰ্শন কৰে হাজো ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে।

Leave A Reply