Breaking

শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি

0 34

মৰিয়নীৰ অন্যতম একশৰণ নামধৰ্মৰ উপাসনাস্থলী শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। অহা ২ আৰু ৩ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী বৰ্ষৰ বছৰযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব।

সেই অনুসৰি ২ এপ্ৰিলৰ পুৱা ধৰ্মধ্বজা উত্তোলনৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, নাম-প্ৰসংগ আৰু সন্ধিয়ালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা মহাপুৰুষীয়া নাট প্ৰদৰ্শনেৰে মহাৰজত জয়ন্তী বৰ্ষৰ পাতনি মেলা হ’ব। এই সম্পৰ্কত কীৰ্তনঘৰ পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰে এক সংবাদমেল আয়োজন কৰি বৃহত্তৰ মৰিয়নীবাসী ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে।

Leave A Reply