Breaking

মাজুলীৰ আগশাৰীৰ শিক্ষানুষ্ঠান উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষৰ প্ৰস্তুতি তুংগত

0 1,561

শনিবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত সোণালী জয়ন্তী উদযাপনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় যায়৷ মাজুলীৰ বিধায়ক ভুৱন গাম উপস্থিত হৈ গছপুলি ৰোপণ কাৰ্যসূচীৰে সভাৰ শুভাৰম্ভ কৰে৷ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফণীধৰ টাহুদেৱৰ সভাপতিত্ত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁতধৰি বৰ্তমানৰ অধ্যক্ষা ড° জাহ্নৱী লহকৰ বৰুৱাই কয় যেতিয়ালৈকে এখন মহাবিদ্যালয়ে প্ৰতিযোগিতাত ভাগ নলয় তেতিয়ালৈকে এখন মহাবিদ্যালয় বা কোনো এখন প্ৰতিষ্ঠানে আগুৱাই যাব নোৱাৰে৷ কিন্তু এই প্ৰতিযোগিতা গঠনমূলক প্ৰতিযোগিতা হ’ব লাগে৷ উল্লেখ্য যে, আগন্তুক সোণালী জয়ন্তী বৰ্ষযোৰা উদযাপন হ’ব লগীয়া বিভিন্ন কাৰ্যসূচীৰ এক বিৱৰণ আগবঢ়াই অধ্যক্ষা ড° জাহ্নৱী লহকৰ বৰুৱাই৷

সোণালী জয়ন্তীবৰ্ষত উদযাপন হ’ব লগা প্ৰায় পঞ্চাশটাতকৈ অধিক কাৰ্যসূচীসমূহৰ ভিতৰত উল্লেখনীয় সংযোজন যেনে ক্ৰীড়া ক্ষেত্ৰত আন্তঃজিলা “পেনচাক চিলেট” প্ৰতিযোগিতা, ড° ভূপেন হাজৰিকাৰ জীৱনমূলক বক্তৃতা প্ৰতিযোগিতা, প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতা, আন্তঃমহাবিদ্যালয় সৌন্দৰ্য প্ৰতিযোগিতা, স্বাস্থ্য সচেতনাৰ সংগতি ৰাখি বিনামূলীয়া স্বাস্থ্যপৰীক্ষা কৰা আদি কাৰ্যসূচীৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ প্ৰায় ১২ টা উপসমিতিৰে সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি তুংগত কৰাৰ কথা প্ৰকাশ কৰে৷ উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ কালিৰাম কুলি, ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুভেদ ঘোষ, দুৰ্গেশ্বৰ শইকীয়া, ৰতনপুৰ মিৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডা° নিবাৰণ দলে, অধ্যাপক ৰমেন চুতীয়া, জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গিৰিধৰ কলিতা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ খনিকৰ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিতেন্দ্ৰ দলে , ৰামগোবিন দলে, মহান কুলি, অনন্ত বৈৰাগী, প্ৰাঞ্জল গাৰে, হৰেশ্বৰ পেগু, মিচিং স্বায়ত্ত্বশাসিত পৰিসদৰ সদস্য নীলকান্ত দলে, লুইতপৰীয়া গাঁওপঞ্চায়তৰ কাউন্সিলৰ প্ৰবিন মিলি, সভানেত্ৰী মৃণালিনী গাম,লুইতপৰীয়া আঞ্চলিক টিএমপিকেৰ সভাপতি অৰূপজ্যোতি টায়ে আদি উপস্থিত থাকে৷

সভাৰ শেষত সভাত অংশগ্ৰহণ কৰা সমূহ ৰাইজৰ উপস্থিতিৰ শলাগৰ ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যাপক ড° উপেন বৰাই৷

Leave A Reply