Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

0 2,252

নিউজ ডেস্কঃ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ৪, ৫ আৰু ৬ তাৰিখে নাহৰকটীয়া ৰাঙলী পথাৰৰ বাগ্মীবৰ নীলমনি ফুকন সমন্বয় ক্ষেত্রত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন। এই অধিৱেশন খনত আহিবলগীয়া লাখ লাখ ভকত বৈষ্ণবক সদৌ অসম ছাত্র সন্থাৰ তৰফৰ পৰা কিদৰে আপ্যায়ন কৰা হব সেই সন্দৰ্ভত আলোচনা কৰিবলৈ নাহৰকটীয়া ৰাঙলী পথাৰত উপস্থিত হয় আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।আছুৰ সম্পাদক গৰাকীয়ে অধিৱেশনস্থলী পৰিদৰ্শন কৰি আদৰণি সমিতিৰ বিভিন্ন বিষয়ববীয়াৰ লগত সাক্ষাৎ কৰি মত পোষণ কৰে যে উত্তৰ-পূৱৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন খন সফল কৰাৰ বাবে সদৌ অসম ছাত্র সন্থা বদ্ধ পৰিকৰ আৰু প্ৰতিজ্ঞাৱদ্ধ। আধ্যাত্মিকতাৰ এনে এক মহান অনুষ্ঠানত সেৱা আগবঢ়াবলৈ ছাত্র সন্থাৰ প্ৰতিজন সদস্যই প্ৰস্তুত বুলি মন্তব্য আগবঢ়ায় আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

Leave A Reply