যুগ দ্ৰষ্টা ,যুগনায়ক ,মানৱপ্ৰেমী জগত গুৰু শ্ৰী মন্ত শংকৰদেৱে দিগন্ত প্ৰসাৰি বহুমুখী প্ৰতিভাৰে গীত নৃত্য ,সাহিত্য – সংস্কৃতিৰ ,শিক্ষা সমাজ সকলোতে এক কল্যানময়ী মহা প্লাৱন বোৱাই এক সৃষ্টিকামী সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল । উদাৰ মানৱতাবাদী ,আধ্যাত্মিক ,গণতান্ত্ৰিক , সাংস্কৃতিক দৃষ্টি ভংগীৰে সমাজৰ পৰিবৰ্তন ঘটাই সোনালী অধ্যায়ৰ সূচনা কৰি নৱজাগৰণৰ পথ প্ৰশস্ত কৰিছিল । গুৰুজনাৰ এনে অনুপম মহান সৃষ্টিৰাজীৰ দ্বাৰা মানুহৰ অন্তলোক আলোকিত কৰি সংস্কৃতিৰ ক্ষেত্ৰ খনক এক জাগৰণ সৃষ্টি কৰাৰ মানসেৰে সদৌ চৰাইদেউ জিলা সন্মিলিত অগ্ৰণী মহিলা মঞ্চৰ উদ্যোগত আৰু চুকাফা নাট্য গোষ্ঠী তথা স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্য সূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা ভাওনা প্ৰদৰ্শনৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে । অহা ২ আৰু ৩ নৱেম্বৰ তাৰিখে সাপেখাতী চাৰিআলি মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত জ্যোতি প্ৰসাদ গগৈৰ ব্যবস্থাপনাৰে সুদৰ্শন নাট্য গোষ্ঠীৰ হৈ বিতোপন কলিতা ,বিতোপন ভাগৱতী আৰু অভিজিত দাসৰ পৰিচালনাৰে মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ নামৰ ভাওনা ভাগ প্ৰদৰ্শনৰ লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এলানি দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।
সেয়ে উক্ত অনুষ্ঠান ভাগ সাফল্য মণ্ডিত কৰিবলৈ উদযাপন সমিতিৰ হৈ সভাপতি হৰেন গগৈ ,কাৰ্যকৰী সভানেত্ৰী বাসনা ফুকন , সম্পাদিকা পূৰবী দুৱাৰা , সাংস্কৃতিক আহ্বায়ক জয়ন্ত বৰুৱা ,সুৰুজ বুঢ়াগোহাঁইয়ে
সকলো ধৰ্ম প্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ।
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় হ’ব উচ্চতম ন্যায়ালয়ত
- তুলসী চোগাৰ আৰু বৃক্কৰ সমস্যাত অতি উপকাৰী
- শোণিতপুৰ লখৰা কেন্দ্ৰীয় বিদ্যালয়ত ফুটবল খেল প্ৰতিযোগিতা আয়োজন
- আচৰিত! ‘নাগিন6’ৰ শ্বুটিং চলি থাকোতে হঠাৎ ছেটত উপস্থিত এডাল প্ৰকৃত সাপ
- গ্ৰীষ্মকালত আপোনাৰ মূৰৰ বিষ হয় নেকি? মুৰৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব
- APSC নতুন অধ্যক্ষ ৰূপে নিযুক্তি ড° অজন্তা নাথক
- ফুস্কা খাই ভাল পোৱা সকলৰ বাবে এক বেয়া খবৰ! নিষিদ্ধ ঘোষণা কৰা হৈছে ফুস্কা
- শক্তিশালী তাৰকা দম্পতী বুলি দীপিকা-ৰণবীৰ কিয় কোৱা হয়
- চলমান খানে পূজা হেগড়েৰ সৈতে কি কৰিছিল! এতিয়া ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ আৰম্ভ
- ‘বিয়াৰ পাৰ্টিত কাম কৰাৰ সুযোগ পাব মালাইকাই’ পেৰিছৰ পৰা এই বাৰ্তা দিলে অৰ্জুন কাপুৰে