Breaking

বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ ব্যাপক প্ৰস্তুতি

0 2,287

নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰি নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি থকা বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত কালি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ  মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ উপলক্ষে ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত হব ।

আনহাতে ভৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা বহু কেইগৰাকী বেদব্যাস পণ্ডিতে অংশগ্ৰহণ কৰিব লগা এই প্ৰাণ প্ৰতিষ্ঠা সমাৰোহখন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্য কালি মন্দিৰ প্ৰাংগণত এখন আলোচনা সভা অনুষ্ঠিত হয়। সমাজকৰ্মী দয়াৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত  সভাখনৰ উদ্দেশ্য বাখ্যা কৰে মন্দিৰৰ মেনেজিং ট্ৰাষ্টি জিতু গোস্বামীয়ে। সভাত মন্দিৰৰ এই বৰ্ণাঢ্য কাৰ্যসূচী সফলভাৱে ৰূপায়নৰ বাবে ভালেকেইগৰাকী বক্তাই মন্তব্য আগবঢ়ায় । ইয়াৰ পিছতে অভ্যৰ্থনা সমিতি খন গঠন কৰা হয়।সভাত বিত্ত ,স্বাস্থ্য,শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সভাপতি, প্ৰবীন গোস্বামীক কাৰ্যকৰী সভাপতি আৰু জিতু গোস্বামীক প্ৰধান সম্পাদক হিচাপে লৈ এখন ৭১ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

উল্লেখ্য যে মহামৃত্যুঞ্জয় সাধক আচাৰ্য বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ২০০৩ বৰ্ষত মন্দিৰ নিৰ্মান হোৱা স্থানত ৫১ কুণ্ডৰ মহা মৃত্যুঞ্জয় যজ্ঞ সম্পন্ন হৈছিল আৰু উক্ত যজ্ঞত দেশ বিদেশৰ প্ৰায় দুই শতাধিক সংস্কৃত পণ্ডিতে অংশগ্ৰহণ কৰিছিল।

আনহাতে উক্ত বৰ্ষত সেই স্থানত অস্থায়ী ভাৱে মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণ কৰা হয় । সেই সময়ৰ পৰাই  বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত প্ৰতি বছৰে মাঘী পূৰ্ণিমাত মহামৃত্যুঞ্জয় যজ্ঞ সম্পন্ন হৈ আহিছিল। ইয়াৰ পিছতে ২০১০ চনৰ পৰা স্থায়ী মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। স্থানীয় কেইবাগৰাকী লোকে মন্দিৰ নিৰ্মাণৰ বাবে নিজৰ ভূমি  দান কৰা স্হানত  দ্ৰুত গতিত মন্দিৰ নিৰ্মাণৰ কাম চলি থকা বিশ্বৰ সৰ্বোচ্চ এই মহামৃত্যুঞ্জয় মন্দিৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। দৈনিক দুই শতাধিক শ্ৰমিকে বিভিন্ন দিশত কাম কৰি মন্দিৰক পূৰ্ণাংগ ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেইদিনমানৰ ভিতৰতে মন্দিৰৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি মন্দিৰ সমিতিয়ে জানিবলৈ দিয়ে ।আনহাতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পিছতে আধ্যাত্মিক দিশত পুৰণিগুদাম ভেৰভেৰিৰ নৰসিংহ ক্ষেত্ৰই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হব বুলি মন্দিৰ সমিতিয়ে আশা প্ৰকাশ কৰিছে ।

অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব লগা ১০৮ কুণ্ডৰ যজ্ঞ সমাৰোহত ভাৰত বৰ্ষৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিলাখ লোকৰ সমাগম ঘটাৰ সম্ভাৱনা আছে।সকলো ধৰণৰ নিয়ম শৃংখলা বজাই ৰাখি অনুষ্ঠিত হব লগা এই প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সমাৰোহত মূল যজমান হিচাপে মন্ত্ৰী  ড: হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি মন্দিৰৰ তৰফৰ পৰা জানিব পৰা গৈছে।

ইপিনে এই যজ্ঞ সমাৰোহত অসমৰ বিভিন্ন স্থানৰ ভক্তসকলে অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰতি জিলাতে বেনাৰ ,পোষ্টাৰ লগোৱা হব বুলি অভ্যৰ্থনা সমিতিৰ প্ৰধান সম্পাদক জিতু গোস্বামীয়ে জানিবলৈ দিয়ে। অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে মন্দিৰৰ ট্ৰাষ্টি সকল আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ।

Leave A Reply