Breaking

টংলাৰ ৰূপাখাটত প্রেসিডেন্সী ফাইন আৰ্ট এণ্ড ক্ৰাফ্টচ স্কুল মুকলি…

0 68

ছাত্র ছাত্ৰীয়ে বিদ্যালয়ত আনুসংগিক শিক্ষা লোৱাৰ লগতে সমান্তৰাল ভাৱে মানসিক বিকাশৰ লক্ষ্য উদ্দেশ্য আজি ওদালগুৰি জিলাৰ টংলা অন্তৰ্গত ৰূপাখাটতস্থিত জ্ঞানোদয় বিদ্যাপীঠত প্রেসিডেন্সী ফাইন আৰ্ট এণ্ড ক্ৰাফ্টচ স্কুল নামে এখন কলাৰ বিদ্যালয় শুভ উদ্বোধন কৰে বিদ্যালয় খনৰ সহ শিক্ষক তথা হস্ত শিল্পী গোবিন্দ চহৰীয়াই।

চিত্ৰ শিল্পী অৰূপ বড়োয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠান খনত প্রেসিডেন্সী ফাইন আৰ্ট এণ্ড ক্ৰাফ্টচ স্কুলৰ শিক্ষয়ত্ৰী তথা উদিয়মান চিত্ৰ শিল্পী অবংশ্ৰী বড়োৱে মনৰ ভাব আৰু উদ্দেশ্য বাখ্যা কৰি কয় যে আমাৰ গ্ৰাম্য অঞ্চলৰ বহু প্ৰতিভাবন চিত্ৰ শিল্পী ছাত্র ছাত্ৰীয়ে উপযুক্ত শিক্ষানুষ্ঠানৰ অভাৱত প্ৰতিভা বিকাশ কৰিব নোৱাৰে, ।

আনহাতে আৰ্থিক দুৰ্বল হোৱা হেতুকে আৰু অভিভাৱক সচেতন নহোৱাৰ ফলত বহু ছাত্র ছাত্ৰীৰ প্ৰতিভা অকালতে মৰহি যায়,এজন ছাত্র বা ছাত্ৰীৰ শাৰীৰিক,মানসিক , বৌদ্ধিক বিকাশ হবলৈ হলে বহু কলা, শিক্ষাৰ প্ৰয়োজন হয় বুলি কোৱাৰ লগতে ছাত্র ছাত্ৰীক কলা শিক্ষা দিবলৈ আহ্বান জনায় চিত্ৰ শিল্পী অবংশ্ৰী বড়োৱে ।উক্ত উদ্বোধনী অনুষ্ঠান খনত উপস্থিত থাকে ছাত্র ছাত্ৰী, অভিভাৱক লগতে সমাজ সেৱক কুক্ষেশ্বৰ নাথে।

Leave A Reply