Breaking

কৰ্কট ৰোগৰ বাবে ভাৰতৰ প্ৰথমটো CAR-T cell therapy আৰম্ভ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ…

0 20

ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে আই আই টি বম্বেত কৰ্কট ৰোগৰ বাবে ভাৰতৰ প্ৰথমটো থলুৱা জিন থেৰাপী আৰম্ভ কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিয়ে কয় যে ইয়াৰ আৰম্ভণি আমাৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত এক বৃহৎ সফলতা। “CAR-T cell therapy” নামৰ এই চিকিৎসাই মানৱ জাতিৰ বাবে নতুন আশাৰ সৃষ্টি কৰে কাৰণ ই সুলভ। অগণন ৰোগীক নতুন জীৱন দিয়াত ই সফল হ’ব বুলি তেওঁ আত্মবিশ্বাস প্রকাশ কৰে৷

এই চিকিৎসা সাধাৰণ মানুহৰ বাবে সুলভ হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চি আৰ-টি চেল থেৰাপী চিকিৎসা বিজ্ঞানৰ অন্যতম অভূতপূৰ্ব উন্নতি বুলি গণ্য কৰা হয়। কিছুদিনৰ পৰা উন্নত দেশত ইয়াক উপলব্ধ কৰা হৈছে যদিও ই অত্যন্ত ব্যয়বহুল। কিন্তু এই থেৰাপী বিশ্বৰ আটাইতকৈ সুলভ মূল্যৰ CAR-T cell থেৰাপী বুলি জানি তেওঁ আনন্দিত হৈছিল। তেওঁ কয় যে এয়াও ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ উদাহৰণ। ই ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক উজ্জ্বল নিদৰ্শন।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, বম্বে আৰু টাটা মেম’ৰিয়েল হস্পিতালৰ সহযোগত উদ্যোগৰ অংশীদাৰ ইমিউন’এক্টৰ সহযোগত ভাৰতৰ প্ৰথমটো চিএআৰ-টি চেল থেৰাপী বিকশিত হোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দিত হয়। তেওঁ কয় যে এইটো শিক্ষা আৰু উদ্যোগৰ মাজত অংশীদাৰিত্বৰ এক প্ৰশংসনীয় উদাহৰণ, যিয়ে আৰু বহুতো অনুৰূপ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰিব লাগে।

Leave A Reply