Breaking

অমৃতসৰৰ স্বৰ্ণ মন্দিৰ দৰ্শন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে…

0 46

আজি পাঞ্জাৱত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। অমৃতসৰ ভ্ৰমণত ৰাষ্ট্ৰপতি মুৰ্মুয়ে দৰ্শন কৰে গ’ল্ডেন টেম্পল।ৰাষ্ট্ৰপতিগৰাকীৰ দিনজোৰা ভ্ৰমণৰ বাবে পাঞ্জাৱত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।

পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মান আৰু শিৰোমণি গুৰদ্বাৰা পৰবন্ধক সমিতিৰ মুৰব্বী হৰজিন্দৰ সিং ধামীৰ সৈতে ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰত প্ৰণাম জনাই ‘কীৰ্ত্তন’ শুনে।ইয়াৰ পূৰ্বে বিয়লি বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁক পঞ্জাৱৰ ৰাজ্যপালে আদৰণি জনায়। এই সময়ত উপস্থিত থাকে বানৱৰীলাল পুৰোহিত, মুখ্যমন্ত্ৰী মান, কেন্দ্ৰীয় মন্ত্ৰী সোম প্ৰকাশ, অমৃতসৰৰ কংগ্ৰেছৰ সাংসদ গুৰজিৎ সিং আউজলা, ৰাজ্যিক মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, অমৃতসৰ আৰক্ষী আয়ুক্ত আদি। ৰাষ্ট্ৰপতিগৰাকীয়ে জালিয়ানৱালা বাগ, দুৰ্গিয়ানা মন্দিৰ আৰু ভগৱান বাল্মীকি ৰাম তিৰথ স্থললৈও যোৱাৰ সম্ভাৱনা আছে।

Leave A Reply