Breaking

‘প্ৰধানমন্ত্ৰীয়ে নহয়, ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰক নতুন সংসদ ভৱন’ – ৰাহুল গান্ধী…

0 72

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে প্ৰধানমন্ত্ৰীয়ে নহয়, ৰাষ্ট্ৰপতিয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিব লাগে। ২৮ মে’ত নতুনকৈ নিৰ্মিত সংসদখন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। সংসদ ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি উদ্বোধন কৰিবলৈ আহ্বান জনায়। লোকসভা সচিবালয়ে বৃহস্পতিবাৰে (১৮ মে’) এই তথ্য প্ৰদান কৰে।

ইয়াৰ পূৰ্বে কংগ্ৰেছে সংসদ ভৱন উদ্বোধনৰ তাৰিখ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। আচলতে ২৮ মে’ বিনায়ক দামোদৰ সাৱৰকাৰৰ জন্মদিন। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে যে এই দিনটো কিয় বাছি লোৱা হৈছে।


Leave A Reply